ETV Bharat / city

শোচনীয় অৱস্থাত ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ পথ

author img

By

Published : Sep 7, 2020, 7:43 PM IST

যি সময়ত চীনা সৈন্যৰ আগ্ৰাসনে সমগ্ৰ অৰুণাচল প্ৰদেশত এক আতংকময় সৃষ্টি কৰি ৰাখিছে সেই সময়তে অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ পথৰ শোচনীয় অৱস্থাই বাৰুকৈয়ে চিন্তিত কৰিছে স্থানীয় লোকক ৷ ইপিনে মেক-মোহন লাইনৰ সমীপত চীনা সৈন্যই পথ নিৰ্মাণৰ আলোকচিত্ৰ ভাইৰেল হৈ পৰাৰ সময়তে অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত যাতায়তৰ বাবে অনুকূল পৰিৱেশ ৷

Bad condition of the Indo-China border road in Arunachal Pradesh

তেজপুৰ,7 ছেপ্তেম্বৰ : অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্ত বৰ্তমানও অব্যাহত আছে এক উত্তেজনাপূৰ্ণ পৰিৱেশ । যোৱা 3 ছেপ্টেম্বৰত উজনি সোৱণশিৰিৰ জিলাৰ ডাপৰিজোৰ নাচু ৰাজহ চক্ৰৰ অন্তৰ্গত মেক মোহন লাইনৰ সমীপৰ ভাৰতৰ ভূমিৰ পৰা 5 জন অৰুণাচলৰ যুৱকক চীনা সৈন্যই অপহৰণ কৰি লৈ যায় । অপহৰণ কৰা পাঁচ যুৱকৰে লগৰ দুজন পলাই আহিবলৈ সক্ষম হোৱাৰ পাচতেই নাচু সীমান্তত থকা অৰুণাচল আৰক্ষীক খবৰ দিয়াত পোহৰলৈ আহে এই তথ্য় । নাচু, ট্যাক্সিন আৰু গেলেম উজনি সোৱণশিৰিৰ জিলাৰ ভাৰত-চীন সীমান্তৱৰ্তী এলেকাৰ লোকৰ মাজত এতিয়া সৃষ্টি হৈছে সন্ত্ৰাসৰ । উক্ত স্থানলৈ জিলা আৰক্ষী বিষয়াই নিৰ্দেশ জাৰি কৰিছে ঘটনাৰ সবিশেষ তথ্য আহৰণ কৰিবৰ বাবে ।

শোচনীয় অৱস্থাত ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ পথৰ

ভাৰতীয় সেনাই হটলাইন যোগে চীনা সৈন্যলৈ মেছেজ পঠাইছে বুলি কেন্দ্ৰীয় মন্ত্ৰী অৰুণাচল প্ৰদেশৰ পশ্চিমৰ সাংসদ কিৰেণ ৰিজিজুৰ পৰা জানিব পৰা যায় ৷ অৱশ্যে আজি ৫ দিনলৈ সন্ধান নাই অপহৃত ৫ যুৱকৰ ।

অৰুণাচল প্ৰদেশৰ ভাৰত চীন সীমান্তৰ পথৰ শোচনীয় অৱস্থা

আনহাতে যি সময়ত চীনা সৈন্যই মেকমোহনৰ লাইনৰ সমীপত বিভিন্ন পথ নিৰ্মাণৰ কথা পোহৰলৈ আহিছে তেনে সময়তে অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্ত অতি দুৰ্গম সীমান্তৰ যোগাযোগ ব্যৱস্থা ৷ অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলসমূহত উপস্থিত হ’বলৈ প্ৰয়োজন হয় 24 ঘণ্টাৰ পৰা চাৰিদিনলৈ সময়ৰ ৷ 1962 চনৰ চীনা আগ্ৰাসনৰ পৰা বৰ্তমানলৈকে সীমান্তৰ পথ উন্নীতকৰণ নহ’ল বুলি অভিযোগ অৰুণাচল প্ৰদেশৰ বিজেপিৰ সাংসদ তাপীৰ গাৱৰ । ভাৰতৰ লগত চীনৰ সীমান্ত লাডাখৰ পৰা অৰুণাচলৰ আনজাও জিলালৈকে 3,485 কিলোমিটাৰ বেছি ভাগ অংশ অৰুণাচল প্ৰদেশৰ সীমাত অৱস্থিত । কেন্দ্ৰীয় চৰকাৰৰ সীমান্ত উন্নয়ন সাধন আঁচনিও ইয়াৰ বহু জিলাৰ সীমান্তত এতিয়ালৈ ঢুকি পোৱা নাই । ডিবাং ভেলীৰ আনিনিৰ পৰা আণ্ডাৰীলা আৰু ইয়াৰ সীমান্তৰ সকলো পথ ভয়ানক অৱস্থা । কোনো-কোনো অঞ্চলত পাহাৰীয়া অঞ্চলত চলা গাড়ী মাজতে আবদ্ধ হৈ পৰে । জানিব পৰা মতে,সীমান্তৰ বহু লোকৰ ঘৰত নাই বিজুলীৰ ব্যৱস্থা,খোৱা পানীৰ যোগান,শিক্ষা গ্ৰহণ ব্যৱস্থা আৰু যোগাযোগ ব্যৱস্থা ।

মোডী চৰকাৰৰ পাচত অৰুণাচলত পথ নিৰ্মাণ

শেহতীয়াকৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তৰফৰ পৰা সেনা বাহিনীৰ সুবিধাৰ্থে ম’বাইল ফোনৰ সংযোগ কৰাৰ এক পেকেজ ঘোষণা কৰিছিল, কিন্তু বহু ঠাইত এতিয়াও সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য হৈ উঠা নাই ।

আনিনিৰ স্থানীয় লোকৰ মতে,ম’বাইল ফোনেৰে কেতিয়াবা কেতিয়াবা হে তেওঁলোকে কথা পাতিব পাৰে ৷ আনকি জৰুৰী বাৰ্তা প্ৰেৰণ কৰিবলৈও লেন ফোন আৰু ম’বাইল ফোনৰ ভালকৈ সংযোগ পোৱা নাযায় ৷ কেৱল জিলাৰ সদৰ স্থানৰ মাত্ৰ নিৰ্দিষ্ট ব্যসাৰ্ধ্যত হে সংযোগ পোৱা যায় বুলি উল্লেখ কৰে । উজনি সোৱণশিৰিৰ জ্ঞাডু, মাৰকীয়া, মাৰেগিং আৰু পিয়া আৰু বহুতো গিবা আৰু নিলিং ৰাজহ চক্ৰৰ অন্তৰ্গত নাই বিদ্যুৎ যোগান, খোৱা পানী আৰু যাতায়তৰ ব্যৱস্থা ৷ স্বাধীনতাৰ 74 বছৰ পাচতো আজিও একে অৱস্থাত আছে ।

অৰুণাচল প্ৰদেশৰ এখন স্থানীয় দৈনিক কাকতৰ মতে, সীমান্তৰ উন্নয়ন আঁচনিৰ ৰূপায়ণ মাত্ৰ চৰকাৰী ফাইল, কাগজৰ মাজত হে । স্থানীয় লোকৰ যোগাযোগ আৰু সেনাৰ সুবিধাৰ্থে এখন জিলাৰ পৰা আন খন জিলালৈ কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশৰ পূৱৰ পৰা পশ্চিম দিশে মুঠ 8 খন এডভেন্সাৰ লেণ্ডিং গ্ৰাউণ্ড তৈয়াৰ কৰি ৰাখিছে যদিও জিলাৰ সদৰ বা সেই স্থানৰ পৰা সীমান্তলৈ যোৱা পথ এতিয়াও সম্পূৰ্ণৰূপে হৈ উঠা নাই ।

ৰাজ্যখনৰ পূৱ অৰুণাচল প্ৰদেশৰ বিজেপিৰ সাংসদ তাপীৰ গাৱয়ে ইটিভি ভাৰতৰ এক সুকীয়া সাক্ষাৎকাৰত উল্লেখ কৰিছে যে, অৰুণাচল প্ৰদেশৰ সীমান্তৰ পথ এতিয়া চাৰি লেন, দ্বয়-লেন যুক্ত আৰম্ভ হৈছে ।

5 যুৱকক চীনা সৈন্যই অপহৰণ কৰা তথ্য স্বীকাৰ তাপীৰ গাৱৰ

উল্লেখ্য যে, ডিবাং ভেলীৰ মেক মোহন সীমান্তৰ সমীপত চীনা কমিউনিষ্ট পাৰ্টিৰ সহযোগত চীনা পিপলছ লিবাৰেশ্যন আৰ্মীয়ে 2019 চনৰ আগষ্ট মাহৰ পৰা 2020 আগষ্ট মাহৰ ভিতৰত কেবাটাও পথ সম্পূৰ্ণ কৰিলে বুলি চেটেলাইট ফটো সহ পাছিঘাটৰ কংগ্ৰেছৰ বিধায়ক তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী নিনং এৰিঙয়ে টুইটযোগে জনায় ।

লগতে চাওক-আচৰিত ! ক’ত প্ৰতি কেজি নিমখৰ মূল্য 200 টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.