ETV Bharat / city

সৰ্বত্ৰে জুবিনৰ কাঞ্চনজংঘাৰ জ্বৰ : দেওবাৰলৈ "হাউছফুল" সকলো ছবিগৃহ

author img

By

Published : Sep 7, 2019, 2:56 PM IST

বহু প্ৰতীক্ষিত জুবিনৰ কাঞ্চনজংঘা চাবলৈ হিল দল ভাঙি ওলাই আহিছে ৰাইজ ৷ মৰিগাঁৱত কাঞ্চনজঙ্ঘা ফেচবুকত লাইভ কৰি ফেন ক্লাবৰ ৰোষত পৰিল এজন যুৱক৷ ডুমডুমাৰ অৰুৰা ছবিগৃহত নলগালে কাঞ্চনজংঘা ৷ হল কতৃৰ্পক্ষক সকীয়নি ৰাইজৰ৷

ৰাজ্যজুৰি এতিয়া জুবিনৰ কাঞ্চনজংঘাৰ জ্বৰ : দেওবাৰলৈ "হাউছফুল" সকলো ছবিগৃহ

মৰিগাঁও-ডুমডুমা-শিৱসাগৰ-আজাৰা, 7 ছেপ্তেম্বৰ: শুকুৰবাৰে দেশৰ বিভিন্ন প্ৰান্তৰ ছবিগৃহত মুক্তিপালে জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘা। প্ৰথমদিনাই ৰাজ্যৰ ছবিগৃহত দেখিবলৈ পোৱা গ’ল দৰ্শকৰ লানি নিছিগা সোত। মুক্তিৰ পাছতেই এতিয়া ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ দৰ্শকৰ ব্যাপক সহাঁৰি লাভ কৰিছে ছবিখনে ৷ শিৱসাগৰতো কাঞ্চনজংঙ্ঘা চাবলৈ ৰাইজৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে৷ চহৰখনৰ ভাস্কৰজ্যোতি ছবিগৃহত দেওবাৰলৈকে "কাঞ্চনজংঘা"ৰ সকলো দৰ্শনীৰ বুকিং ইতিমধ্যে সম্পন্ন হৈছে ৷ ছবিগৃহৰ পৰা সন্তুষ্ট মনেৰে ওলাই অহা দৰ্শকে"কাঞ্চনজংঘা"ক এখন উন্নতমানৰ বিনোদনধৰ্মী ছবি বুলি আখ্যা দিয়াৰ লগতে ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু জুবিন গাৰ্গৰ অভিনয়ক ভূয়সী প্ৰশংসা কৰে৷ ইফালে দক্ষিণ কামৰূপৰ বিজয়নগৰতো মুক্তিৰ লগে লগে ৰাইজৰ ব্যাপক সহাঁৰি লাভ কৰিছে ৷

মৰিগাঁৱত কাঞ্চনজংঘা উপভোগ কৰি ফেচবুকত লাইভ দি জুবিন অনুৰাগীৰ ৰোষত পৰিল তুলতুল বৰদলৈৰ নামৰ এজন যুৱক৷ মৰিগাঁৱৰ তৰুণ টকিজত প্ৰথম দৰ্শনী চলি থাকোতেই তুলতুল বৰদলৈয়ে হলৰ ভিতৰৰ পৰাই ছবিখনৰ ফেচবুক লাইভ কৰে ৷ ইয়াৰ পাছতে উত্তেজিত হৈ পৰে জুবিন অনুৰাগীসকল৷ অৱশেষত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত আৰক্ষী উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰে৷ ইফালে তিনিচুকীয়াৰ ডুমডুমাত কাঞ্চনজংঘা চাবলৈ আহি নিৰাশ হয় বহু সংখ্যক দৰ্শক৷ বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ ছবিগৃহ অৰোৰা হলত কাঞ্চনজংঘাৰ পৰিৱৰ্তে প্ৰদৰ্শিত হৈ থাকিল হিন্দী ছবি "ছাহো"৷ ইয়াৰ পাছতেই অৰুৰা হ'লৰ অনা অসমীয়া কৰ্তৃপক্ষৰ অসমীয়া চিনেমা বিৰোধী নীতিক তীব্ৰ সকিয়নী প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে৷ অতিশীঘ্ৰে ছবিগৃহটোত কাঞ্চনজংঘাৰ দৰ্শনীৰ ব্যৱস্থা কৰিবলৈ কৰ্তৃপক্ষক দাবী জনাইছে সংগঠনটোৱে ৷

মুঠৰ ওপৰত মিছন ছাইনাৰ পাছত এইবাৰ কাঞ্চনজংঘাৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ জগতলৈ পুনৰ আশাৰ বতৰা কঢ়িয়াই আনিছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে৷ ছবিখনে দৰ্শকৰ পৰা ব্যাপক সহাঁৰি পোৱাত সুখী খোদ শিল্পী জুবিন গাৰ্গো৷

Intro:Body:*শিৱসাগৰত কাঞ্চনজংঘাক লৈ দৰ্শকৰ বিপুল সহাৰি*

Story-KANCHANJANGHA
Ananta Smith
Sivasagar
06th September

A_SVR_06TH_SEP_804-807_KANCHANJANGHA_7203499

আজি চিত্ৰগৃহত মুকলি হয় বহু চৰ্চিত জুবিন গাৰ্গৰ 'কাঞ্চনজংঘা' নামৰ ছবিখন।মুকলিৰ আগত সমগ্ৰ অসম ভ্ৰমি ছবি খনৰ প্ৰচাৰ চলোৱা জুবিন এণ্ড কোম্পানীয়ে অসমবাসী ৰাইজক ছবিখন উপভোগ কৰি অসমীয়া চলচ্চিত্ৰ উদ্যোগটো তনকীয়াল কৰিবলৈ আহবান জনাইছিল।তাৰ পৰিণতিত আজি মুকলিৰ পাছতে ছবি উপভোগ কৰিবলৈ দেখাযায় দৰ্শকৰ ব্যাপক ভিৰ।

শিৱসাগৰটো দেখা গল এনে এক পৰিৱেশ।পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা প্ৰথম দৰ্শনী হাউচফুল হোৱাৰ লগতে আজিৰ চাৰিওটা দৰ্শনী হাউচফুল বুলি জানিবলৈ দিয়ে শিৱসাগৰৰ ভাস্কৰজ্যোতি ছবিগৃহৰ স্বত্বাধিকাৰীয়ে।

কাঞ্চনজংঘা ছবি চাই দৰ্শক আপ্লুত হৈছে।ছবিগৃহৰ পৰা সন্তুষ্ট মনেৰে ওলাই আহা দৰ্শকে ছবিৰ খনক এখন উন্নতমানৰ বিনোদনধৰ্মী ছবি বুলি উল্লেখ কৰিছে।কাহিনী, চিত্ৰগ্ৰহণ, প্ৰযুক্তি আদিৰ ভূয়সী প্ৰশংসা কৰি দৰ্শকে কয় যে এনে ছিনেমা অসমীয়া চলচ্চিত্ৰ উদ্যোগত অদ্বিতীয়।

Bite 1&2-দৰ্শক

কাঞ্চনজঙ্ঘা ছবিৰ প্ৰতি ৰাইজৰ এনে ব্যাপক উৎসাহ জুবিন প্ৰীতি নে ভাল ছবিৰ প্ৰতি আগ্ৰহ সেইকথা বিশেষজ্ঞৰ মতামতত হে জানিব পৰা যাব।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.