ETV Bharat / city

Remembering Kamala Saikia: শিৱসাগৰত শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ স্মৃতিচাৰণ অনুষ্ঠান - শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ 31তম মৃত্যুবাৰ্ষিকী

অসমৰ প্ৰথমগৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ 31সংখ্যক মৃত্যু বাৰ্ষিকী মঙলবাৰে শিৱসাগৰত উদযাপন কৰা হয়(Martyr Journalist Kamala Saikia Remembered in Sivasagar) ৷ ১৯৯১ চনৰ ৯ আগষ্টত আততায়ীৰ গুলীত মৃত্যুক আঁকোৱালি লৈছিল সাংবাদিক কমলা শইকীয়াই ৷ সাংবাদিকগৰাকীৰ সোঁৱৰণত মঙলবাৰে শিৱসাগৰত এক স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয় ৷

Remembering Kamala Saikia
শিৱসাগৰত শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ স্মৃতিচাৰণ অনুষ্ঠান
author img

By

Published : Aug 10, 2022, 9:39 AM IST

শিৱসাগৰ, 10 আগষ্ট: শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ 31সংখ্যক মৃত্যু তিথি উপলক্ষে মঙলবাৰে শিৱসাগৰত এক স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন হয়(Martyr Journalist Kamala Saikia Remembered in Sivasagar) । শিৱসাগৰ জিলা সাংবাদিক সংস্থা আৰু শ্বহীদ সাংবাদিক কমলা শইকীয়া স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত মুক্তিনাথ চাৰিআলিৰ ঐক্যৰ কাৰ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত কমলা শইকীয়াৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পমাল্য অৰ্পণ কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিশিষ্ট সাহিত্যিক, সাংবাদিক, শিক্ষাবিদ সোণাৰাম বৰুৱাই ।

শিৱসাগৰত শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ স্মৃতিচাৰণ অনুষ্ঠান

প্ৰবীণ সাংবাদিকগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা তৰ্পণ কৰে শিৱসাগৰ জিলা সাংবাদিক সংস্থা, কমলা শইকীয়া স্মৃতিৰক্ষা সমিতি, স্বেচ্ছাসেৱী অনুষ্ঠান ঐক্য, খোজ, গ্ৰীফন ক্লাৱ আদি বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়াৰ লগতে বিশিষ্ট ব্যক্তিয়ে । অনুষ্ঠানত ৰাজ্যৰ প্ৰথমগৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ(First martyred journalist of Assam) স্মৃতিচাৰণ কৰে তেওঁৰেই একালৰ সতীৰ্থ, বিশিষ্ট সাংবাদিক, শিক্ষাবিদ, শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সোণাৰাম বৰুৱাই ।

ভাষণ প্ৰসংগত বৰুৱাই কমলা শইকীয়াৰ হত্যাকাৰী কোন আজিও পোহৰলৈ নহাত গভীৰ আক্ষেপ প্ৰকাশ কৰাৰ লগতে তদানীন্তন চৰকাৰসমূহৰ ভূমিকাকো ধিক্কাৰ দিয়ে । প্ৰবীণ সাংবাদিক সোণাৰাম বৰুৱাই নৱপ্ৰজন্মৰ সাংবাদিকসকলকো সততাৰে চতুৰ্থ স্তম্ভৰ দায়িত্ব পালন কৰাৰ আহ্বান জনায় । অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ নেতা শৰৎ হাজৰিকাই বক্তব্য প্ৰদান কৰি বিগত তিনি দশক ধৰি কমলা শইকীয়াৰ পৰিয়ালে ন্যায় নোপোৱাত আক্ষেপ প্ৰকাশ কৰে ।

আনহাতে, আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমীৰণ ফুকনে কমলা শইকীয়াৰ হত্যাকাৰী কোন সেয়া যাতে পোহৰলৈ আহে তাৰ আশা কৰাৰ লগতে দোষীয়ে কঠোৰ শাস্তি পোৱাৰ আশা প্ৰকাশ কৰে । জিলা সাংবাদিক সংস্থাৰ সভাপতি ভৈৰৱ মুণ্ডাই বক্তব্য প্ৰদান কৰি কমলা শইকীয়াৰ হত্যাকাৰী আজিও মুকলি আকাশত ঘূৰি ফুৰা কার্য জাতিৰ বাবে অশনি সংকেত বুলি উল্লেখ কৰে । সাংবাদিক জামালুদ্দিন আহমেদে আঁত ধৰা আৰু জিলা সাংবাদিক সংস্থাৰ সম্পাদক জয়জ্যোতি গগৈয়ে শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটিত শিৱসাগৰৰ ভালেসংখ্যক সাংবাদিক আৰু বিশিষ্ট লোকে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : Azadi Ka Amrit Mahotsav: অসমৰ কনিষ্ঠ শ্বহীদ কনকলতা বৰুৱালৈ সশ্ৰদ্ধ প্ৰণিপাত...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.