শিৱসাগৰ,৮ ফেব্ৰুৱাৰী: ৰাজ্যত কংগ্ৰেছ চৰকাৰক দিনত যুৱ কংগ্ৰেছৰ উদ্ভণ্ডালিয়ে বাতৰিৰ শিৰোনাম দখল কৰিছিল। শেহতীয়াকৈ এই পথ অনুকৰণ কৰি ক্ষমতাৰ ৰাগীত মতলীয়া হৈ আৰক্ষী থানাৰ চৌহদতে বিজেপি নেতাৰ অভব্য আচৰণ । যাক লৈ এতিয়া চৰাইদেউৰ সোণাৰিত তীব্ৰ প্ৰতিক্ৰিয়া ।
অভিযোগ অনুসৰি নগৰৰ ন পাৰ্কিং য'নত গাড়ী ৰখাৰ বাবে সোণাৰি আৰক্ষী থানাৰ এজন আৰক্ষী বিষয়াই বিজেপি ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা তথা এ পি জি চি এলৰ সঞ্চালক অনুপ সিং ৰাজপুৰুহিতৰ ব্যক্তিগত গাড়ীখনৰ চালকক জৰিমনা বিহে । কিন্তু এই কাৰ্যত নেতাজনে চালক জনক লগত লৈ সোণাৰি থানাত উপস্থিত হয় আৰু সোণাৰি আৰক্ষী থানাৰ যান-বাহন পৰিদৰ্শক নৰেন্দ্ৰ নাথ বাৰিকক দাবী-ধমকিৰে ভাবুকি প্ৰদান কৰে । ইপিনে এই দাবী ধমকিক সাহসিকতাৰে প্ৰত্যুত্তৰ দিয়ে । বিজেপি নেতাজন আৰু আৰক্ষী বিষয়াৰ খণ্ডযুদ্ধৰ এক ভিডিঅ' ভাইৰেল হৈ পৰিছে । ইতিমধ্যে সমগ্ৰ ঘটনাৰ সত্যতা পোহৰলৈ আহিছে । ইফালে আৰক্ষী বিষয়া নৰেন্দ্ৰ নাথ বাৰিকৰ এই সাহসী ভূমিকাক শলাগ জনাই সোণাৰি নগৰৰ কৰ্তব্যৰত অৱস্থাতে ভালেকেইটা দল সংগঠনে ফুলাম গামোচাৰে আদৰণি জনায় ।
উল্লেখ্য যে, তিনিচুকীয়াত বিজেপি জিলা সভাপতি লক্ষেশ্বৰ মৰাণক প্ৰহাৰ কৰাৰ প্ৰতিবাদত ২ ফেব্ৰুৱাৰীৰ দিনা বিজেপিয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল গোৱালপাৰাত । সেইদিনাই জিলা উপায়ুক্তক ফোনতে ধমকি দিছিল বিজেপি নেতাই।