ETV Bharat / city

Pradeep Dutta Roy arrested : মুখ্যমন্ত্ৰীৰ সকিয়নীৰ পিছতে কাছাৰ আৰক্ষীয়ে দেখুৱালে তৎপৰতা - অসমীয়া ভাষা বিৰোধী মন্তব্য

গ্ৰেপ্তাৰ হ’ল বিতৰ্কিত বাঙালী নেতা প্ৰদীপ দত্ত ৰয়(Controversial Bengali leader Pradeep Dutta Roy arrested ) ৷ মুখ্যমন্ত্ৰীয়ে ৰয়ক দিয়া সকিয়নীৰ পিছতে কাছাৰ আৰক্ষীয়ে দেখুৱালে তৎপৰতা ৷

controversial-bengali-leader-pradeep-dutta-roy-arrested
Pradeep Dutta Roy arrested : মুখ্যমন্ত্ৰীৰ সকিয়নীৰ পিছতে কাছাৰ আৰক্ষীয়ে দেখুৱালে তৎপৰতা
author img

By

Published : Nov 27, 2021, 6:52 PM IST

গুৱাহাটী, 27 নৱেম্বৰ : বৰাকত অসমীয়া ভাষাৰ পোষ্টাৰ ফলা খলনায়ক প্ৰদীপ দত্ত ৰয়ক অৱশেষত কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে(Controversial Bengali leader Pradeep Dutta Roy arrested ) ৷ শেহতীয়াকৈ, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰদীপ দত্ত ৰয়ক গুৱাহাটীত আয়োজিত এখন সংবাদমেলৰ জৰিয়তে এনে কামৰ পৰা বিৰত থকাৰ বাবে সকিয়নী দিছিল(CM Himanta Warned Pradeep Dutta Roy) ৷ ইয়াৰ পিছতে শনিবাৰে হঠাৎ শিলচৰত কছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বহু বিতৰ্কিত বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ক।

জানিব পৰা মতে, কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বৰাক ডেমোক্ৰেটিক ফ্ৰন্টৰ নেতা প্ৰদীপ দত্ত ৰয়(Barak democratic front leader Pradeep Dutta Roy) ক গুৱাহাটীলৈ প্ৰেৰণ কৰা হ’ব । উল্লেখ্য যে, অসমীয়া ভাষা সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰা প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ কৰাৰ বাবে বিভিন্ন সময়ত বিভিন্ন দল সংগঠনে চৰকাৰক দাবী জনাই আহিছে ।

কিন্তু, এই সকলো আওকান কৰি ময়মতালিৰে অসমীয়া ভাষা বিৰোধী স্থিতি লৈ অহাৰ বাবে অৱশেষত এতিয়া গ্ৰেপ্তাৰ হ’ব লগীয়া হৈছে বিতৰ্কিত বাঙালী নেতা জন ৷

লগতে পঢ়ক : Attempting to join ULFA-I : নাগালেণ্ড আৰক্ষীৰ জালত টীয়কৰ তিনি যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.