নগাঁও, ২৯ এপ্ৰিল: দেওবাৰে APDCL ৰ প্ৰশ্নকাকত ফাদিল তথা পৰীক্ষাৰ্থীক নকল যোগানক লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়া সোমবাৰেও অব্যাহত আছে নগাঁৱত । PNRD আৰু APDCL ৰ নিযুক্তিতো কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা কাশ্যপ ফুকনে ।
লগতে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা নীতি গ্ৰহণ কৰা বুলি ঢাক ঢোল বজোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত চাকৰিৰো মূল্যবৃদ্ধি হোৱা বুলি মন্তব্য কৰি নিবনুৱা যুৱক-যুৱতীৰ জীৱনক লৈ হেতালি নেখেলিবলৈ চৰকাৰক সকীয়াই দিয়ে কাশ্যপ ফুকনে ।