তিতাবৰ, 5 আগষ্ট : ৰাজ্যৰ কৃষকসকলৰ উন্নয়নৰ স্বাৰ্থত চৰকাৰে সময়ে সময়ে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে । কিন্তু সঠিক পৰিকল্পনা আৰু বিভাগীয় বিষয়া কৰ্মচাৰীৰ অৱহেলাৰ বাবেই পৰিশেষত গৈ সফল হৈ নুঠে আঁচনি সমূহ । এনেবোৰ কাৰণতেই এতিয়া এৰাবাৰীত পৰিণত হৈছে তিতাবৰৰ একমাত্ৰ চৰকাৰী ধান ক্ৰয় কেন্দ্ৰটো।
ধান উৎপাদনত অসমৰ ভিতৰতে শীৰ্ষস্থান দখল কৰা তিতাবৰৰ কৃষকৰ আশাত চেঁচাপানী ঢালি সম্প্ৰতি তলা ওলমি আছে গুৰুত্বপূৰ্ণ ধান ক্ৰয় কেন্দ্ৰটোত । তিতাবৰ মহকুমাৰ মাধপুৰ হৌলগুৰিত 2010 বৰ্ষতে কৃষকসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি স্থাপন কৰা হৈছিল এই ধান ক্ৰয় কেন্দ্ৰটো । স্থাপনৰ প্ৰথম দুটা বছৰত কেন্দ্ৰটোৰ জড়িয়তে স্থানীয় কৃষকসকলৰ পৰা চৰকাৰী মূল্যত ধান ক্ৰয়ৰ ব্যৱস্থা কৰাত যথেষ্ট উপকাৰ হৈছিল কৃষকসকলৰ ।
কিন্তু সময় বাগৰাৰ লগে লগে গুৰুত্বপূৰ্ণ ধান ক্ৰয় কেন্দ্ৰটোলৈ পিঠি দিলে নিয়ন্ত্ৰিত বজাৰ সমিতি আৰু কৃষি বিভাগে । যাৰ ফলত তিতাবৰৰ কৃষকসকলে বিগত 8/9 বছৰ ধৰি ধানৰ উচিত মূল্য পোৱাৰ পৰা বঞ্চিত হৈ আহিছে । বৰ্তমান ভূত বাংলাত পৰিণত হোৱা ধান ক্ৰয় কেন্দ্ৰটোৰ চৌহদ পৰিণত হৈছে গৰু-ছাগলীৰ আশ্ৰয়স্থলত ।
তিতাবৰৰ কৃষকসলে শাসনাধিষ্ঠ চৰকাৰখনলৈ অনতিপলমে কেন্দ্ৰটো পুনৰ কাৰ্যক্ষম কৰি কৃষকসকলৰ উপকাৰ সাধিবলৈ আহ্বান জনাইছে ৷ উল্লেখনীয়ভাৱে কিছুদিন পূৰ্বে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত ভাৰতীয় খাদ্য নিগমৰ দ্বাৰা পৰিচালিত উজনি অসম খোৱাঙৰ ধান ক্ৰয় কেন্দ্ৰটো যোৱা 31 মে’ৰ পৰা বন্ধ কৰি দিয়া হৈছে । উজনিৰ বিভিন্ন স্থানৰ কৃষকৰ পৰা ন্যূনতম সমৰ্থিত মূল্যত ধান ক্ৰয় কৰা হৈছিল এই কেন্দ্ৰটোত ।
সম্প্ৰতি কেন্দ্ৰটো বন্ধ হৈ পৰাত কৃষকসকল চিন্তিত হৈ পৰিছে । যাৰ ফলত এতিয়া কৃষকসকলে উৎপাদিত মূল্যতকৈ বহু কম দামত বিক্ৰী কৰিবলগা হৈছে উৎপাদিত ধান । এই ঘটনাৰ পিছত এইবাৰ পুনৰ তিতাবৰৰ একমাত্ৰ চৰকাৰী ধান ক্ৰয় কেন্দ্ৰটোলৈ নামি আহিছে তীব্ৰ শংকা ।