ETV Bharat / city

যোৰহাটত পুনৰ ডকাইতি - স্বস্তিক ইণ্ডিয়া নামৰ হাৰ্ডৱে

যোৰহাটত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা ৷ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আহিছে ডকাইতিৰ ঘটনা ৷

যোৰহাটত পুনৰ ডকাইতি
যোৰহাটত পুনৰ ডকাইতি
author img

By

Published : Sep 25, 2021, 9:30 PM IST

যোৰহাট,25 ছেপ্তেম্বৰ: অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে উজনি অসমৰ অন্যতম গুৰত্বপূৰ্ণ জিলা যোৰহাট ৷ জিলাখনৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আহিছে ডকাইতি দৰে অপৰাধজনিত ঘটনা ৷

21 ছেপ্তেম্বৰত নিশা 7 বাজি 15 মিনিটত স্বস্তিক ইণ্ডিয়া নামৰ হাৰ্ডৱেৰ দোকানখনৰ স্বত্বাধিকাৰীয়ে দোকান বন্ধ কৰি ঘৰলৈ যাবলৈ লোৱাৰ সময়তে দুটা ডকাইতে ব্যক্তিজনৰ পৰা প্ৰায় 6 লাখ টকা লুটি লৈ যায় ৷ জানিব পৰা ডকাইত দুটাৰ এটা হ’ল অভিনাশ শইকীয়া (যোৰহাট পতিয়াগাঁও) আৰু আনটো নিতুল গগৈ (ধেমাজি) ৷

সম্প্ৰতি যোৰহাট আৰক্ষীয়ে ডকাইত অভিনাশ শইকীয়াক নৈশ চুপাৰত ধেমাজিলৈ গৈ থাকোতেই কলিয়াবৰৰ পৰা আটক কৰিবলৈ সক্ষম হয় ৷ একেদৰে আনটো ডকাইত নিতুল গগৈক ধেমাজিলৈ গৈ আটক কৰিছে যোৰহাট আৰক্ষীৰ এটা দলে ৷ নিতুল গগৈক আটক কৰিয়েই যোৰহাটলৈ লৈ আহে আৰক্ষীয়ে ৷

যোৰহাটত পুনৰ ডকাইতি

লগতে পঢ়কঃ পঞ্চায়ত প্ৰতিনিধিলৈ ৬৬ কোটি ৮৪ লাখ ২৫ হাজাৰ টকা মুকলি বিত্ত বিভাগৰ

আনহাতে আৰক্ষীৰ আগত অভিনাশ শইকীয়াই ডকাইতি কৰাৰ কথা স্বীকাৰ কৰিছে ৷ লগতে অভিনাশে কয় যে, ধেমাজিত গৈ ডকাইতি কৰা 6 লাখ টকা ভাগ বতৰা কৰাৰ কথা আছিল ৷ তাৰ সমান্তৰল ভাৱে আৰক্ষীয়ে অভিনাশ শইকীয়া নামৰ ডকাইতটোৰ ভিনিহিয়েকৰ ঘৰৰ পৰা 57,600 টকা জব্দ কৰিবলৈ সক্ষম হৈছে ৷

উল্লেখযোগ্য যে, কিছুদিনৰপূৰ্ৱে যোৰহাটৰ NRL ৰ তেল ডিপোট সংঘটিত হৈছিল আন এক ডকাইতিৰ ঘটনা ৷ কেৱল সিমানেই নহয়, ডকাইতৰ দলটোৱে গুলী চালনা কৰি লুটি লৈ গৈছিল নগদ প্ৰায় 13 হাজাৰ টকা ৷ জানিবপৰা মতে, এখন ৰঙা ৰঙৰ পালচাৰত আহিছিল ধৃত দুই যুৱক ৷

লগতে পঢ়কঃ প্ৰথমবাৰৰ বাবে কংগ্ৰেছ শূন্য তিনিচুকীয়াত APCCৰ সভাপতি ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.