ETV Bharat / city

হাতত টেমা লৈ আকৌ ৰাষ্টাত জুবিন গাৰ্গ - flood relief collection

বানত জৰ্জৰিত ৰাজ্যৰ বন্যাৰ্তৰ কাষত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ ৷ উদ্দেশ্য বলিয়া বানত সৰ্বস্ব হেৰুওৱা ৰাইজৰ বাবে কিছু সাহাৰ্য সংগ্ৰহ ৷

হাতত টেমা লৈ আকৌ ৰাষ্টাত জুবিন গাৰ্গ
author img

By

Published : Jul 23, 2019, 10:22 PM IST

গুৱাহাটী, 23 জুলাই : মহানগৰীৰ ৰাজপথত আকৌ ব্যতিক্ৰমী ৰূপত দেখা গ'ল শিল্পী জুবিন গাৰ্গক ৷ মঙ্গলবাৰে পুৱা চান্দমাৰিৰ অলি-গলিৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ বিভিন্ন দোকানে-পোহাৰে হাতত টেমা লৈ ধন সংগ্ৰহ কৰিলে শিল্পীগৰাকীয়ে ৷ জুবিন ফেন ক্লাব আৰু কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ সহযোগত আৰম্ভ কৰা এই পুঁজি সংগ্ৰহ অভিযানে প্ৰথম দিনা ৰাইজৰ পৰা ব্যাপক সঁহাৰি লাভ কৰে ৷

উল্লেখযোগ্য যে, ৰাজ্যৰ চকুপানী স্বৰূপ বাৰিষাৰ বানৰ সময়ত ৰাইজক সহায়ৰ বাবে প্ৰত্যেক বছৰ থিয় দি আহিছে অসমীয়াৰ মৰমৰ শিল্পী গৰাকীয়ে ৷ তেওঁ কয় যে চৰকাৰ অথবা কোনো ব্যক্তিৰ ওপৰত বিশ্বাস নথকাৰ বাবে নিজেই এনেদৰে আজি ৰাইজৰ বাবে ওলাই আহিছে ৷ এইবাৰ বন্যাৰ্ত সকলক নিজ হাতেৰে গৈ খোৱা সামগ্ৰী আৰু কাপোৰ বিতৰণ কৰিব শিল্পী গৰাকীয়ে ৷

Intro:বানপানীত জৰ্জৰিত বন্যাতৰ কাষত জুবিন গাৰ্গ। বন্যতৰ সকলৰ ৰ্মম বেদনা অনুভৱ কৰিয়ে মহানগৰীৰ ৰাজপথলৈ ওলাই আহিল জুবিন। উদ্দেশ্য এটাই , বানপানীত সৰ্বশ্ৰ হেৰুৱা বন্যাতৰ সকললৈ কিছু সাহাৰ্য পুঁজিৰ ধন সংগ্ৰহ কৰা। চান্দমাৰীৰ অলি গলিৰ লগতে বিভিন্ন দোকান আৰু উদ্যোগৰ পৰা হাতত টেমা লৈ সংগ্ৰহ কৰিছে ধন। Body:জুবিন কেৱল এজন শিল্পীয়ে নহয় জুবিন হৈছে দুখীয়া নিছলা জনতাৰ হিতকাৰীও। বহু ব্যস্ততাৰ মাজতো সময় উলিয়াই জুবিনে মহানগৰীৰ ৰাজপথত তুলিছে টকা। কিন্তু এই টকা নিজৰ বাবে নহয়। বানপানীৰ সাহাৰ্য দিয়াৰ বাবে পুৱাৰ পৰা এনেদৰে সংগ্ৰহ কৰিছে টকা। জুবিন ফেন ক্লাব আৰু কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন ৰ সহযোগত এনেদৰে বানপানী সাহাৰ্যৰ বাবে টকা সংগ্ৰহ কৰিছে জুবিনে। চৰকাৰ অথবা কোনো ব্যক্তিৰ ওপৰত বিশ্বাস নাই জুবিনৰ। গতিকে নিজেই এনেদৰে বন্যাতৰ সকলৰ বাবে ওলাই আহিছে জুবিন। জুবিনৰ এই মহান পদক্ষেপত সহযোগ কৰিছে এনেদৰে প্ৰাগ নিউজৰ কাৰ্যবাহী সম্পাদক দেৱজিৎ ভূঞা ই। Conclusion:মহানুভৱতাৰ নিদৰ্শন জুবিন । বন্যতৰ সকলক নিজ হাতেৰে গৈ খোৱা সামগ্ৰী আৰু কাপোৰ বিতৰণ কৰিব জুবিনে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.