অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মিজোৰাম আৰক্ষীৰ এজাহাৰ
মিজোৰাম আৰক্ষীয়ে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে শুকুৰবাৰে দাখিল কৰিছে এজাহাৰ । মিজো আৰক্ষীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে চাৰিগৰাকী আৰক্ষী বিষয়া, দুগৰাকী আমোলা আৰু প্ৰায় ২০০ গৰাকী অচিনাক্ত অসম আৰক্ষীৰ জোৱানৰ বিৰুদ্ধেও ৰুজু কৰিছে গোচৰ ।
লাইলাপুৰ ঘটনা সন্দৰ্ভত শিলচৰত সৰ্বদলীয় বৈঠক
লাইলাপুৰ ঘটনা সন্দৰ্ভত শিলচৰত এখন সৰ্বদলীয়া বৈঠক অনুষ্ঠিত হয় ৷ উক্ত সভা খনত মিজোৰাম আৰক্ষীৰ বিৰুদ্ধে উচ্চতম ন্যালয়ৰ দ্বাৰস্থ হোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে বিধায়ক সকলে ৷
ঘোষণা হ’ল অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল
ঘোষণা হ’ল অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল ৷ AHSEC ৰ কলা শাখাত উত্তীৰ্ণৰ হাৰ ৯৮.৯৩ শতাংশ, বাণিজ্যত উত্তীৰ্ণৰ হাৰ ৯৯.৫৭ শতাংশ আৰু বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৯৯.০৬ শতাংশ ৷
সীমান্ত সমস্যাৰ নেপথ্যত কংগ্ৰেছ দল: কৃষিমন্ত্ৰী অতুল বৰা
লাইলাপুৰত সংঘটিত হোৱা ঘটনাক লৈ বিভিন্ন দল-সংগঠনে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ ৷ ইয়াৰ মাজতে উক্ত ঘটনাৰ নেপথ্যত আওপকীয়াকৈ কংগ্ৰছ দলক দোষাৰোপ কৰিলে কৃষি মন্ত্ৰী অতুল বৰাই ৷
অসম-মিজোৰাম সীমান্তলৈ ৰাওনা বিধানসভাৰ সৰ্বদলীয় প্ৰতিনিধি দল
শনিবাৰে অসম-মিজোৰাম সীমান্ত(Assam-Mizoram)লৈ ৰাওনা হ'ল সৰ্বদলীয় প্ৰতিনিধিৰ দল । সীমান্তৰ বৰ্তমানৰ পৰিস্থিতিৰ বুজ ল'ব দলটোৱে । লাইলাপুলকে ধৰি সীমান্তৱৰ্তী বিবদমান অঞ্চলসমূহ পৰিদৰ্শন কৰিব দলটোৱে ।
Tokyo Olympics: ডিচকাছ থ্ৰ'ৰ ফাইনেলত প্ৰৱেশ কমলপ্ৰীত কৌৰ
টকিঅ' অলিম্পিকত (Tokyo Olympics) ভাৰতীয় খেলুৱৈৰ চমক । ডিচকাছ থ্ৰ'ৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিলে ভাৰতীয় খেলুৱৈ কমলপ্ৰীত কৌৰে । 'গ্ৰুপ A'ৰ ষষ্ঠ স্থানত থাকে ভাৰতৰ সীমা পুণিয়া ।
পঞ্জাৱৰ মোহালিস্থিত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা(NATIONAL INVESTIGATION AGENCY)ৰ বিশেষ আদালতত নিচাজাতীয় দ্ৰব্যৰ অবৈধ সৰবৰাহকাৰী মনপ্ৰীত সিঙ(Manpreet Singh)ৰ বিৰুদ্ধে পৰিপূৰক অভিযোগ পত্ৰ দাখিল কৰে সন্ত্ৰাসবাদ বিৰোধী তদন্তকাৰী সংস্থাটোৱে । ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, ভাৰতীয় দণ্ডবিধি, অস্ত্ৰ আইন আৰু এন ডি পি এছ(NDPS) আইনৰ কেইবাটাও ধাৰাৰ অধীনত এই অভিযোগ পত্ৰ দাখিল কৰা হৈছে ।
কামৰূপ-নলবাৰী সীমান্তৰ ৰঙিয়াৰ খোপনিকুছিৰ নোনা নৈৰ ওপৰত ৰাইজে গাঠিৰ ধন ভাঙি সাজিছে দলং । দলংখন পাৰ হ’বৰ বাবে প্ৰত্যেকেই ৩ টকাৰ পৰা ২০ টকা পৰ্যন্ত ভৰিবলগীয়া হয় । যি সকলে টকা দিব নোৱাৰে তেওঁলোকে নদীৰ ওপৰেৰে বিপদ সংকুল যাতায়ত কৰিবলৈ বাধ্য হয় ৷
ডেপুটি ৰেঞ্জাৰ বুলি পৰিচয় দি ধনদাবী কৰি থাকোতে আৰক্ষীৰ জালত পৰিল বনকৰ্মী
মঙল চিং ক্ৰ'নামৰ ফৰেষ্ট গাৰ্ড গৰাকীয়ে নিজকে বন বিভাগৰ ডেপুটি ৰেঞ্জাৰ বুলি পৰিচয় দি ডিফুৰ আমোলাপট্টিত বাহন তালাচী চলাই ধনদাবী কৰি থকা অৱস্থাতে শুকুৰবাৰে আৰক্ষীয়ে হাতে-লোটে ধৰিবলৈ সক্ষম হয় ৷
ডিগবৈ আৰক্ষীৰ জালত বৃহৎ তেল চুৰি চক্ৰ
অপৰাধ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে অসম আৰক্ষীয়ে (Assam Police) অব্যাহত ৰাখিছে তীব্ৰ অভিযান ৷ ইয়াৰ মাজতে শুকুৰবাৰে পুৱতি নিশা তিনিচুকীয়া জিলাৰ ডিগবৈত চোৰাং তেলৰ ব্যৱসায়ীৰ বিৰুদ্ধে চলিল আৰক্ষীৰ অভিযান ৷ অভিযানত আটক 9 জন তেল চোৰ ৷