ETV Bharat / city

ৰাজ্যত প্ৰতিমাহে পঞ্জীয়ন 6,247 টাকৈ গোচৰ

author img

By

Published : May 7, 2022, 7:49 PM IST

ৰাজ্যত প্ৰতিমাহে বিভিন্ন ধৰণৰ অপৰাধ সন্দৰ্ভত গড়ে 250 টাকৈ গোচৰ পঞ্জীয়ন হয় ।(cases registered per month in Assam) ৰাজ্যত প্ৰতিমাহে বিভিন্ন ধৰণৰ অপৰাধ সন্দৰ্ভত গড়ে 400 গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হয় । এই তথ্য সদৰি কৰিছে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিষ্ণয়ে ।

6247-cases-registered-per-month-in-assam
ৰাজ্যত প্ৰতিমাহে পঞ্জীয়ন 6,247 টাকৈ গোচৰ

গুৱাহাটী, 7 মে': ৰাজ্যত প্ৰতিমাহে বিভিন্ন ধৰণৰ অপৰাধ সন্দৰ্ভত গড়ে 6,247 টাকৈ গোচৰ পঞ্জীয়ন হয় (cases registered per month in Assam)। ৰাজ্যত প্ৰতিমাহে বিভিন্ন ধৰণৰ অপৰাধ সন্দৰ্ভত গড়ে 400 গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হয় । এই তথ্য সদৰি কৰিছে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিষ্ণয়ে । ৰাজ্যত প্ৰতিমাহে বিভিন্ন ধৰণৰ অপৰাধ সন্দৰ্ভত গড়ে 250 টাকৈ গোচৰ পঞ্জীয়ন হয় ।

গুৱাহাটীস্থিত অসম আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত শনিবাৰে অনুষ্ঠিত এক সংবাদমেলত অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিষ্ণয়ে এই তথ্য সদৰি কৰে । অসম আৰক্ষীয়ে শেহতীয়াভাৱে লাভ কৰা ৰাষ্ট্ৰপতি কালাৰ সন্মান সম্পৰ্কত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান বিষ্ণৈয়ে কয় যে যোৱা 25 বছৰত অসম আৰক্ষীয়ে ৰাজ্যখনত বিভিন্ন অপৰাধ নিয়ন্ত্ৰণ আৰু উগ্ৰপন্থী সমস্যা সমাধান কৰাৰ খতিয়ান দাঙি ধৰি গৃহ মন্ত্ৰালয়লৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল।

তাৰ পিছত অসম আৰক্ষীৰ সফলতাৰ বাবে ৰাষ্ট্ৰপতি কালাৰ সন্মানৰ বাবে নিৰ্বাচন কৰা হৈছে। তেওঁ জনায় যে অহা 10 মে'ত গুৱাহাটীত গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah upcoming visit to Assam) অসম আৰক্ষীক এই সম্মান আনুষ্ঠানিকভাবে প্ৰদান কৰিব ।

তেওঁ কয় যে এয়া অসম আৰক্ষীৰ বাবে গৌৰৱৰ কথা । ইতিমধ্যে অসম আৰক্ষীৰ 8 টা বাইকাৰছ গ্ৰুপে ৰাজ্যৰ 7 খন জিলাক সামৰি বাইক ৰেলী কৰি আছে । দেওবাৰে পুৱা অসম আৰক্ষীয়ে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ পৰা চাইকেল ৰেলী উলিয়াব । তেওঁ জনায় যে অসমত এতিয়া উগ্ৰপন্থীৰ সমস্যা বহুখিনি হ্ৰাস পাইছে । অসমত বৰ্তমান আলফা (স্বাধীন)আৰু কমতাপুৰ লিৱাৰশ্বেন অৰ্গেনাইশ্বন চমুকৈ কে এল অ' উগ্ৰপন্থী সংগঠন দুটা সক্ৰিয় হৈ আছে। বি টি এ ডি এলেকাত শান্তি বিৰাজ কৰিছে । এই ক্ষেত্ৰত অসম আৰক্ষীয়ে যথেষ্ট সফলতা অৰ্জন কৰিছে বুলি তেওঁ মন্তব্য কৰে।
লগতে পঢ়ক : আলফা(স্বা)য়ে দুই যুৱকক মৃত্যদণ্ডৰে দণ্ডিত কৰাক লৈ কি ক’লে মুখ্যমন্ত্রীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.