ETV Bharat / city

গুৱাহাটী পালে উত্তৰ-পূৰ্বাঞ্চলৰ কোভিড প্ৰতিষেধকৰ দ্বিতীয়টো গোট

author img

By

Published : Jan 13, 2021, 2:21 PM IST

উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰেৰণ কৰা কোভিড প্ৰতিষেধকৰ দ্বিতীয়টো গোট বুধবাৰে দিনৰ ভাগত গুৱাহাটী আহি পায় ৷

গুৱাহাটী পালে উত্তৰ-পূৰ্বাঞ্চলৰ কোভিড প্ৰতিষেধকৰ দ্বিতীয়টো গোট
গুৱাহাটী পালে উত্তৰ-পূৰ্বাঞ্চলৰ কোভিড প্ৰতিষেধকৰ দ্বিতীয়টো গোট

নিউজ ডেস্ক, 13 জানুৱাৰী : মঙলবাৰে কোভিড প্ৰতিষেধকৰ প্ৰথমটো গোট গুৱাহাটীত উপস্থিত হোৱাৰ পিচতেই উত্তৰ পূৰ্বাঞ্চলৰ বাবে দ্বিতীয়টো গোট বুধবাৰে গুৱাহাটীত পায়হি ৷ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হায়দৰাবাদৰ পৰা অহা ইণ্ডিগ’ বিমানত লৈ অনা হয় প্ৰতিষেধকসমূহ ৷

লগতে পঢ়ক : ১৬ জানুৱাৰীৰ পৰা অসমত প্ৰদান কৰা হ’ব ক’ভিড-19ৰ প্ৰতিষেধক

হায়দৰাবাদৰ পৰা অহা ইণ্ডিগ’ৰ বিমান সংখ্যা 6E-6538ত কঢ়িয়াই অনা হয় প্ৰতিষেধকৰ টীকাসমূহ ৷ 78.5 কিলোগ্ৰাম ওজনৰ মুঠ 3টা বেগত অনা প্ৰতিষেধকসমূহ দিনৰ প্ৰায় 10 বজাত অসম চৰকাৰক হস্তগত কৰে বিমান পৰিবহণকাৰী সংস্থাটোৱে ৷

লগতে পঢ়ক : বহু প্ৰতীক্ষাৰ অন্তত অসম পালে মহামাৰীৰ ভেকচিন

ইয়াৰ উপৰিও দিনৰ ভাগত অৰুণাচল প্ৰদেশৰ বাবে আহি পাবহি কোভিড প্ৰতিষেধক ৷ মুম্বাইৰ পৰা ইণ্ডিগ’ৰ বিমান সংখ্যা 6E-5326ত অনা হ’ব প্ৰতিষেধকৰ টীকাসমূহ ৷ 160 কিলোগ্ৰাম ওজনৰ মুঠ 5টা বেগত অৰুণাচলৰ বাবে লৈ অনা হ’ব টীকাসমূহ ৷

একেদৰেই ত্ৰিপুৰাৰ বাবে কলকাতা হৈ মুম্বাইৰ পৰা আহিব কোভিড প্ৰতিষেধক ৷ ইণ্ডিগ’ৰ 6E-102 বিমানযোগে 160 কিলোগ্ৰাম ওজনৰ মুঠ 5টা বেগত কঢ়িয়াই অনা হ’ব প্ৰতিষেধক টীকাসমূহ ৷

লগতে পঢ়ক : অসম আহি পালে ক'ভিডৰ ভেকচিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.