গুৱাহাটী, 27 ডিচেম্বৰ: ৰাজ্যৰ বিদ্যালয়ৰ শিক্ষকসকলক RIIMS এপ্লিকেশ্যনৰ জৰিয়তে বিদ্যালয়ত উপস্থিতি দিয়াৰ বাধ্যতামূলক কৰা ব্যৱস্থাই শিক্ষকসকলক হাৰাশাস্তি কৰিছে । সোমবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই এই মন্তব্য কৰে (Ripun Bora opposes RIIMS application) । তেওঁ কয়, ৰাজ্য চৰকাৰে ৰাজ্যৰ শিক্ষককসকলক RIIMS এপ্লিকেশ্যনৰ জৰিয়তে গিনিপিক সজাইছে ।
বি জে পি চৰকাৰে শিক্ষকসকলৰ প্ৰতি অন্যায় কৰিছে, অপমান কৰিছে । ৰিপুণ বৰাই কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত টোগলকী চৰকাৰ চলিছে (Ripun Bora criticizes BJP Government of Assam) । পূৰ্বতেও পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত চৰকাৰে ৰাজ্যৰ চাৰিখন জিলাৰ বিদ্যালয়ৰ শিক্ষকসকলক RIIMS এপ্লিকেশ্যনৰ জৰিয়তে বিদ্যালয়ত উপস্থিতি দিয়াৰ বাবে পাইলট প্ৰজেক্ট আৰম্ভ কৰিছিল । কিন্তু সেয়া পিছত ব্যৰ্থ হৈছিল ।
তেওঁ কয় যে RIIMS এপ্লিকেশ্যনে বিদ্যালয়ত প্ৰধান শিক্ষকৰ প্ৰতি থকা বিশ্বাস নোহোৱা কৰিছে । ইন্টাৰনেট নথকা ঠাইত এই এপ্লিকেশ্যনে কাম নকৰে । তদুপৰি এই এপ্লিকেশ্যনে শিক্ষকৰ গোপনীয়তা ভংগ কৰিব ।
সেয়েহে, ৰিপুণ বৰাই এই RIIMS এপ্লিকেশ্যনে কিদৰে বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষককসকলক দক্ষ আৰু নিয়মানুৱৰ্তী কৰি গঢ়ি তোলাত সহায় কৰিব তাকে লৈ ৰাজ্য চৰকাৰক এপ্লিকেশ্যনটোৰ সম্পৰ্কত শ্বেতপত্ৰ প্ৰকাশ কৰাৰ দাবী জনায় ।
লগতে শেহতীয়াভাৱে ঘোষিত টেট পৰীক্ষাৰ ফলাফল পুনৰীক্ষণ কৰাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে ৰাজ্য চৰকাৰক দাবী জনায় ।
উল্লেখ্য যে, কিছুদিন পূৰ্বে ৰাজ্যৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত মোবাইল এপ্লিকেশ্যন ব্যৱহাৰ কৰিবলৈ অক্ষম হৈ বিদ্যালয়খনৰে এটা শ্ৰেণীকোঠাত আত্মহত্যা কৰা(Headmaster Committed suicide)ৰ অভিযোগ উত্থাপিত হৈছিল ।
লগতে পঢ়ক: Guwahati school girl suicide case : মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিবাদ