গুৱাহাটী, ৩১ মে’: ৰাজ্যিক কেবিনেটে শেহতীয়াকৈ অসমৰ মুছলমানকে ধৰি ছটা ধৰ্মৰ সংখ্যালঘু সম্প্রদায়ৰ লোকক সংখ্যালঘুৰ প্রমাণ-পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (Minority certificate in Assam)। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে ৰাজ্যজুৰি মিশ্ৰিত প্রতিক্রিয়াৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানে ।
ইটিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত অধিবক্তাগৰাকীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে (Nekibur Zaman on minority certificate)। তেওঁ কয় যে, ইছলাম ধৰ্মীয় লোকক সংখ্যালঘুৰ প্রমাণ-পত্ৰ দিলে ভূমিপুত্ৰ খিলঞ্জীয়া মুছলমানৰ ক্ষেত্ৰত যথেষ্ট জটিলতা আহিব । ইয়াৰ দ্বাৰা খিলঞ্জীয়া অসমীয়া মুছলমান সকল আনসকলৰ সৈতে একাকাৰ হৈ পৰিব । সংখ্যালঘুৰ নামত সকলোকে একত্ৰিত কৰিলে খিলঞ্জীয়া মুছলমানৰ ক্ষতি হ’ব ।
তেওঁ লগতে কয় যে, খিলঞ্জীয়া মুছলমানসকলক ধর্মীয় নহয় গোষ্ঠীগত পৰিচয়হে লাগে । ইফালে এন আৰ চি প্ৰক্ৰিয়া সম্পূর্ণ নোহোৱাকৈ অসম চুক্তিৰ আধাৰত বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰাকৈ সকলোকে একত্ৰিত কৰি প্ৰমাণ-পত্ৰ দিলে অসম খিলঞ্জীয়া বিলীন হৈ যাব আৰু বাংলাদেশৰ পৰা আহি অবৈধভাৱে থকাসকলহে লাভৱান হ’ব । কিয়নো প্রমাণ-পত্ৰ দিয়াৰ পাছত এইসকল লোক সংখ্যালঘুৰ গণ্ডিত সোমাই পৰিব আৰু ভাৰতীয় হিচাপে দাবী কৰিব বুলি কয় জ্যেষ্ঠ অধিবক্তা জামানে ।
খিলঞ্জীয়া সংখ্যালঘুসকলৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থত অসম চৰকাৰে অর্থনৈতিক, সামাজিক, ৰাজনৈতিক আৰু শিক্ষাগত বিভিন্ন দিশ সন্দৰ্ভত প্রতিবেদন যুগুত কৰিবলৈ গঠন কৰা সাতখন কমিটীয়ে প্রতিবেদন দাখিল কৰাৰ পাছতো সকলোকে একত্ৰিত কৰি প্ৰমাণ-পত্ৰ দিলে উক্ত কমিটী অর্থহীন হ’ব আৰু খিলঞ্জীয়াক সুকীয়া পৰিচয় নিদিলে অস্তিত্ব বিপন্ন হ’ব । এখন শুদ্ধ এন আৰ চি হোৱাৰ পাছত এনে ব্যৱস্থা কাৰ্যকৰী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে অধিবক্তা নেকিবুৰ জামানে ।
লগতে পঢ়ক : Assam Cabinet Decision: অসম আন্দোলনৰ নিৰ্যাতিতলৈ আগবঢ়াব ২ লাখ টকাকৈ এককালীন সাহায্য