গুৱাহাটী, 7 আগষ্ট : স্বাধীনতা দিৱস আৰু ঈদৰ পূৰ্বে নিৰাপত্তা ব্যৱস্থাকলৈ মহানগৰত বৃদ্ধি পাইছে আৰক্ষীৰ তৎপৰতা ৷ বুধবাৰে মহানগৰীৰ পুলিছ ৰিজাৰ্ভত আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷ এই বৈঠকত উপস্থিত থাকে আৰক্ষী আয়ুক্ত দীপক কুমাৰ, যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ৰ লগতে মহানগৰৰ প্ৰতিখন থানাৰ ডিচিপি আৰু অ'চি সকল ৷ শেহতীয়াকৈ জেহাদী আৰু উগ্ৰপন্থীৰ কাৰ্যকলাপ বৃদ্ধি পোৱা বিষয়কলৈ বৈঠকত আলোচনা কৰা হয় ৷
আৰক্ষীক বিষয়াসকলক কুটাঘাতমূলক ঘটনাৰ বাবে সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিছে আৰক্ষী আয়ুক্ত দীপক কুমাৰে । দীপক কুমাৰে মন্তব্য কৰা অনুসৰি, খানাপাৰা পেৰেড গ্ৰাউণ্ডত নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ক্ৰুটি ৰখা নাই ৷ আনহাতে, মহানগৰীত ব্যাপক হাৰত বৃদ্ধি পোৱা লুটপাত, চুৰি, ডকাইতি আদি ঘটনা সন্দৰ্ভতো আলোচনা কৰা হয় এই বৈঠকত । প্ৰতিখন থানাৰ আৰক্ষী বিষয়াসকলক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে আৰক্ষী আয়ুক্ত গৰাকীয়ে ৷ মুঠৰ ওপৰত মহানগৰীত স্বাধীনতা দিৱস আৰু ঈদ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হোৱাত যাতে কোনো ব্যাঘাত নজন্মে তাৰ বাবে উঠি পৰি লাগিছে মহানগৰ আৰক্ষী বিভাগ ।
উল্লেখ্য যে, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ডিব্ৰুগড় আৰক্ষীয়ে চাৰিজনকৈ আলফা স্বাধীনৰ সদস্যক আটক কৰিছে । আটকাধীন সদস্য কেইজন হৈছে কনক পেগু, চয়নিকা কামাং, কবিতা কামাং আৰু দেৱজ্যোতি দুৱৰা । ইয়াৰে কনক পেগু ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হাস্পাতালৰ কৰ্মচাৰী বুলিও জানিব পৰা গৈছে । আনহাতে, চয়নিকা কামাং হৈছে বোকাখাত আৰোহন একাডেমিৰ শিক্ষয়ত্ৰী আৰু চয়নিকাৰ ভগ্নী কবিতা কামাং ডিব্ৰুগড়ৰ এখন শিক্ষানুষ্ঠানৰ ছাত্ৰী । ডিব্ৰুগড় আৰক্ষীয়ে গোলাঘাট আৰক্ষীৰ সৈতে অভিযান চলাই বিভিন্ন স্থানৰ পৰা এই চাৰিজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰিছে আলফাৰ এখন পতাকা, 7 টা মোবাইল, মাওঁবাদী সম্পৰ্কীয় এখন কিতাপ । মুখ্যমন্ত্ৰীৰ গৃহজিলাত এইদৰে স্বাধীনতা দিৱসৰ প্ৰাক - ক্ষণত আলফা স্বাধীনৰ সদস্যই বাহৰ পাতি থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷