ETV Bharat / city

উত্তৰ পূৰ্বাঞ্চলত কংগ্ৰেছৰ ভেঁটি পুনৰ সুদৃঢ় কৰাৰ পৰিকল্পনা

বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত কৰা হয় কংগ্ৰেছৰ উত্তৰ পূৱ কংগ্ৰেছ সমন্বয়ৰক্ষী সমিতিৰ এক সংবাদমেল ৷ উক্ত সংবাদমেলত সময়তে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত কংগ্ৰেছৰ ভেঁটি পুনৰ শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা হয় (Plans to re strengthen the Congress base in the Northeast) ৷

Plans to re strengthen the Congress base in the Northeast
উত্তৰ পূৰ্বাঞ্চলত কংগ্ৰেছৰ ভেঁটি পুনৰ সুদৃঢ় কৰাৰ পৰিকল্পনা
author img

By

Published : Aug 18, 2022, 9:49 PM IST

গুৱাহাটী, 18 আগষ্ট : অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত দুৰ্বল হৈ পৰা কংগ্ৰেছ দলে পুনৰ শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে (Plans to re strengthen the Congress base in the Northeast)। কিয়নো এসময়ত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত দপদপাই থকা কংগ্ৰেছ অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বৰ্তমান নিশকতীয়া হৈ পৰিছে ।

উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ এখনটো কংগ্ৰেছৰ চৰকাৰ নাই । এনে সময়তে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত কংগ্ৰেছৰ ভেঁটি পুনৰ শক্তিশালী কৰাৰ বাবে কংগ্ৰেছৰ দলৰ প্ৰচেষ্টা হাতত লৈছে । এই প্ৰচেষ্টাৰ অংশ হিচাপে উত্তৰ পূৱ কংগ্ৰেছ সমন্বয়ৰক্ষী সমিতিখন পুনৰ গঠন কৰি শক্তিশালী ৰূপ দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ।

উত্তৰ পূৰ্বাঞ্চলত কংগ্ৰেছৰ ভেঁটি পুনৰ সুদৃঢ় কৰাৰ পৰিকল্পনা

বৃহস্পতিবাৰে ৰাজীৱ ভৱনত আয়োজিত এক সংবাদমেলত উত্তৰ পূৱ কংগ্ৰেছ সমন্বয়ৰক্ষী সমিতিৰ অধ্যক্ষ নাবাম টুকীয়ে (Nabam Tuki in Guwahati) কয় যে, উত্তৰ পূৱ কংগ্ৰেছ সমন্বয়ৰক্ষী সমিতিখন শীঘ্ৰে নতুনকৈ শক্তিশালী ৰূপত গঠন কৰা হ’ব । উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ কংগ্ৰেছৰ নেতা, বিধায়ক, সাংসদসকলক লগত লৈ উত্তৰ পূৱ কংগ্ৰেছ সমন্বয়ৰক্ষী সমিতিখন নতুনকৈ শক্তিশালী ৰূপত গঠন কৰা হ’ব ।

উক্ত সংবাদমেলত ভাষণ প্ৰসংগত সাংসদ প্ৰদুৎ বৰদলৈয়ে কয় যে, সভাত হোৱা সিদ্ধান্ত মতে অহা কেইদিনত তেওঁ আৰু উত্তৰ পূৱ কংগ্ৰেছ সমন্বয়ৰক্ষী সমিতিৰ অধ্যক্ষ নাবাম টুকীয়ে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখন পৰিভ্ৰমণ কৰি কংগ্ৰেছৰ সাংগাঠনিক ভেঁটি সুদৃঢ় কৰাৰ চেষ্টা চলাব ।

লগতে তেওঁ কয় যে, অহা 7 ছেপ্টেম্বৰৰ কংগ্ৰেছে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ 3700 কিলোমিটাৰ পদযাত্ৰা কৰিব । 150 দিনত এই পদযাত্ৰা সামৰা হ’ব । বিজেপি দলৰ অপশাসনৰ বিৰুদ্ধে ‘‘ভাৰত জোৰো যাত্ৰা’’ নাম দি এই পদযাত্ৰা কৰা হ’ব । এই যাত্ৰাৰ অংশ হিচাপে 7 ছেপ্টেম্বৰত উত্তৰ পূৱ কংগ্ৰেছ সমন্বয়ৰক্ষী সমিতিৰ নেতৃত্বত মেঘালয়ৰ পৰা পদযাত্ৰা আৰম্ভ কৰা হ’ব । এই পদযাত্ৰা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে কৰা হ’ব ।

উল্লেখ্য যে, বৃহস্পতিবাৰে আয়োজিত উক্ত সভাত উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ কংগ্ৰেছৰ নেতা, বিধায়ক, সাংসদসকলৰ লগতে উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা ৷

লগতে পঢ়ক : চাৰি সংগঠনেৰে বিফল বৈঠকৰ পাচত পুনঃ আলোচনাৰ পোষকতা শিক্ষমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.