গুৱাহাটী, ৪ জুলাই: গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যাৰ স্থায়ী সমাধানৰ দাবীত সোমবাৰে এন চি পিৰ গুৱাহাটী মহানগৰ জিলা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে(NCP protest at Guwahati) । মহানগৰীৰ কৃত্ৰিম বান সমস্যা সমাধান কৰক, মহানগৰীৰ নলা নৰ্দমা পৰিষ্কাৰ কৰক, জাৱৰ নিষ্কাষনৰ সু-ব্যৱস্থা কৰক আদি শ্ল’গানেৰে হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে(Permanent solution of Guwahatis artificial flood problem) ।
প্ৰতিবাদ সাব্যস্ত কৰি এন চি পিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পৰেশ বৰুৱাই চৰকাৰৰ গাফিলতি আৰু নাগৰিকৰ অনিহাই মহানগৰীৰ কৃত্ৰিম বান সমস্যা সৃষ্টিত অৰিহণা যোগাইছে বুলি অভিযোগ কৰে । প্ৰতিবাদৰ শেষত এন চি পিৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয় ৷
সমিতিয়ে স্মাৰক পত্ৰযোগে মহানগৰীৰ কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে পৰামৰ্শ আগবঢ়োৱা কথা জানিবলৈ দিয়ে । এন চি পিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পৰেশ বৰুৱাই এই পৰামৰ্শসমূহ কাৰ্যকৰী কৰিলে মহানগৰীৰ কৃত্ৰিম বান সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যাব বুলি মন্তব্য কৰে ।
উল্লেখ্য যে, গুৱাহাটী মহানগৰীত কিছুদিন পূৰ্বে কৃত্ৰিম বানে ভয়াবহ ৰূপ ধাৰণ কৰিছিল(Guwahati artificial flood) ৷ কৃত্ৰিম বানৰ বাবে মহানগৰীত প্ৰায় 3 দিন শিক্ষানুষ্ঠান বন্ধ কৰিবলগীয়া হৈছিল ৷ জিলাখনত কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকাত প্ৰশাসনে সকলোকে ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান জনাইছিল ৷
লগতে পঢ়ক : মণিপুৰৰ ভূমিস্খলনত নিহত লামডিঙৰ গুৰেন্দ্ৰ উপাধ্যায়