গুৱাহাটী, 23 ফেব্ৰুৱাৰীঃ দুখীয়া, অসহায় লোকৰ লগৰী হৈছে বৰ্তমানৰ গুৱাহাটীৰ বাসিন্দা লীলা মাধৱ শইকীয়া ৷ ঐতিহ্যমণ্ডিত জামুগুৰিহাটত জন্ম গ্ৰহণ কৰা শইকীয়া সৰুৰে পৰাই আনক সহায় কৰাৰ বাবে তান আছিল ।
অতি নীৰৱে সমাজৰ হকে কাম কৰি যোৱা শইকীয়াৰ সমাজত আছে বহু নাম বৰ্তমান সময়লৈকে বহুতো বঁটাৰে সন্মানিত শইকীয়া গুৱাহাটীৰ বহু নিবনুৱা যুৱক-যুৱতীৰ বাবে ভগৱান স্বৰূপ ৷
কোনো লোকক যদি স্বাৱলম্বিতাৰ বাবে পান-তামোলৰ দোকান খুলি দিছে আন কাৰোবাক খুলি দিছে মম' দোকান ইত্যাদি ৷ আনহাতে প্ৰতিবছৰে 85 শতাংশৰ ওপৰৰ নম্বৰ পোৱা একাংশ দুখীয়া শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীকো ব্যক্তিগতভাৱে শিক্ষাৰ খৰচ বহন কৰি আহিছে লীলা মাধৱ শইকীয়াই ।
উল্লেখ্য যে, গুৱাহাটীৰ এবিছিত বাস কৰা শইকীয়াই বহু অনুষ্ঠান-প্ৰতিষ্ঠানলৈ দান বৰঙনি দি অহাৰ লগতে বহুতো সামাজিক অনুষ্ঠানৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছে ।