ETV Bharat / city

ধোঁৱাচাঙত পশুপালন বিভাগ : ৫ বছৰে বন্ধ চৰকাৰী কুকুৰা ফাৰ্ম

author img

By

Published : Feb 2, 2020, 8:40 PM IST

বিগত 5 বছৰে বন্ধ হৈ আছে বিৰুবাৰীস্থিত চৰকাৰী কুকুৰা ফাৰ্ম ৷ ইয়াকে লৈ সৰৱ হৈ উঠিছে সমাজকৰ্মী তথা অঞ্চলবাসী ৷

বিৰুবাৰীস্থিত চৰকাৰী কুকুৰা ফাৰ্ম
৫ বছৰে বন্ধ চৰকাৰী কুকুৰা ফাৰ্ম

গুৱাহাটী, 2 ফেব্ৰুৱাৰী : উন্নয়নৰ ঢাক ঢোল বজোৱা চৰকাৰৰ উন্নয়নৰ আন এক ফোঁপোলা স্বৰূপ প্ৰকাশ পাইছে ৷ বিগত ৫ বছৰে বন্ধ হৈ আছে বিৰুবাৰীস্থিত চৰকাৰী কুকুৰা ফাৰ্ম ৷ ফাৰ্মৰ কৰ্মচাৰী বনৰছাদ আলীয়ে জানিবলৈ দিয়া অনুসৰি, ২০১৫ চনৰ পৰাই বন্ধ হৈ আছে ফাৰ্মখন ৷

আলীয়ে কয় যে, বন্ধ হোৱাৰ আগলৈকে কৰ্মচাৰীসকলে বনৰজা প্ৰজাতিৰ কুকুৰা উৎপাদন কৰি ৭০০টাৰ পৰা ৩৫০টা কণী উৎপাদন কৰিছিল ৷ বহু আত্মসহায়ক গোটক স্বাৱলম্বী কৰাৰ বাবে বনৰজা কুকুৰা পোৱালি ৯:১ (মতা মাইকী হিচাপ) দিয়া হৈছিল ৷ ইয়াৰ দ্বাৰা আত্মসহায়ক গোটসমূহো উপকৃত হৈছিল ৷ কিন্তু, ২০১৬ চনত ফাৰ্ম কৰ্তৃপক্ষৰ হাতত জমা থকা সমুদায় ধন বিভাগে ঘূৰাই লোৱাৰ পাচৰে পৰা ফাৰ্মখনৰ সকলো উৎপাদন বন্ধ হৈ আছে ৷

৫ বছৰে বন্ধ চৰকাৰী কুকুৰা ফাৰ্ম

আনহাতে, বিষয়টো সন্দৰ্ভত সমাজ কৰ্মী প্ৰশান্ত বৰ্মনে কয় যে, 'অতিশীঘ্ৰে ফাৰ্মখন খোলাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে তেওঁলোক ৰাজপথলৈ যাবলৈ বাধ্য হ'ব ৷ চৰকাৰী উৎসৱ-পাৰ্বনৰ নামত হাজাৰ কোটি টকা খৰচ কৰাৰ বিপৰীতে চৰকাৰে ফাৰ্মখন উজ্জীৱিত কৰিব নোৱাৰাৰ কাৰণ কি বুলিও প্ৰশান্ত বৰ্মনে প্ৰশ্ন উত্থাপন কৰে ৷

আৰু পঢ়ক : 'কা'ৰ বিৰুদ্ধে একত্ৰিত সংগ্ৰামত মহানগৰীৰ নাৰীসমাজ

Intro:ধোঁৱা চাঙত চৰকাৰৰ পশুপালন বিভাগ

উন্নয়নৰ ঢাক ঢোল বজাই থকা উন্নয়নমুখী চৰকাৰ খনৰ উন্নয়নৰ আন এক ফোপোলা স্বৰূপ। বিগত ৫ বছৰে বন্ধ হৈ আছে বিৰুবাৰী স্হিত চৰকাৰী কুকুৰাৰ ফাৰ্ম খন।

Body:ফাৰ্ম খনৰ কৰ্মচাৰী বনৰছাদ আলীয়ে জানিব দিয়া অনুসৰি ২০১৫ চনৰ পৰা বন্ধ হৈ আছে ফাৰ্মখন। তেওঁ লগতে কয় ২০১২ চনৰ বন্ধ হোৱাৰ আগলৈকে তেওঁলোকে বনৰজা প্ৰজাতিৰ কুকুৰা উৎপাদন কৰি ৭০০টাৰ পৰা ৩৫০ টা কণী উৎপাদন কৰিছিল। ইয়াৰ ওপৰিও তেওঁ জানিবলৈ দিয়ে বহু আত্মসহায়ক গোটক স্বাৱলম্বী কৰাৰ বাবে বনৰজা কুকুৰা পোৱালি ৯:১ (মতা মাইকী হিচাপ) দিয়া হৈছিল। তাৰ আত্মসহায়ক গোট সমূহ উপকৃতও হৈছিল। কিন্তু ২০১৬ চনত ফাৰ্ম কতৃপক্ষৰ হাতত জমা থকা সমুদায় ধন বিভাগে ঘূৰাই লয়। তাৰ পিছৰ পৰা বন্ধ হৈ আছে ফাৰ্ম খনৰ সকলো উৎপাদন।

Conclusion:আনহাতে বিষয়টোৰ সন্দৰ্ভত সৰৱ হৈ সমাজ সচেতক কৰ্মী প্ৰশান্ত বৰ্মনে কয়, 'অতিশীঘ্যে ফাৰ্ম খন খোলাৰ বাবে চৰকাৰে ব‍্যৱস্থা হাতত লওক অন‍্যথা আমি ৰাজপথত ওলাবলৈ বাধ্য হ'ম। চৰকাৰী উৎসৱ পাৰ্বনৰ নামত হাজাৰ কোটি টকা খৰচ কৰাৰ বিপৰীতে চৰকাৰে ফাৰ্মখন উজ্জীৱিত কৰিব নোৱাৰাৰ কাৰণ কি বুলি তেওঁ প্ৰশ্ন উৎথাপন কৰে।'
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.