ETV Bharat / business

বিমান সেৱাত জড়িত ২৯ লাখ চাকৰিয়াললৈ ভাবুকিঃ IATA

author img

By

Published : Apr 24, 2020, 3:35 PM IST

কৰ'ণা ভাইৰাছ মহামাৰী মাজতেই পোহৰলৈ আহিছে আন এটা ভয়ংকৰ তথ্য । বিমান সেৱাত জড়িত থকা প্ৰায় ২৯ লাখ লোকৰ চাকৰিৰ ওপৰত আহিছে ভাবুকি ।

Airlines in India to suffer $11.2 billion revenue loss, 2.9 million jobs at risk: IATA

নিউজ ডেস্ক, ২৪ এপ্ৰিলঃ বিশ্বজুৰি চলা কৰ'ণা ভাইৰাছৰ মহামাৰীৰ ফলত এতিয়া দেশৰ অৰ্থনীতিৰ লগতে বিভিন্ন ক্ষেত্ৰত ব্যাপক কু-প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । দেশ তথা আন্তঃৰাষ্ট্ৰীয় দেশলৈ বিমান সেৱা বাতিল হোৱাৰ ফলত ভাৰতীয় বিমান সংস্থাই এই বৰ্ষত ৮৫,১২০ কোটি টকাৰ ৰাজহৰ লোকচানৰ সন্মুখীন হৈছে । ইয়াৰ লগে-লগে প্ৰায় ২৯ লাখ লোকৰ চাকৰিৰ প্ৰতিও বিপদ নামি আহিছে । কাৰণ মহামাৰী ফলত প্ৰায় ৪৭ শতাংশ যাত্ৰীৰ চাহিদা হ্ৰাস পাইছে এই বৰ্ষত । শুকুৰবাৰে এই তথ্য প্ৰকাশ কৰিছে আন্তঃজাৰ্তিক বিমান পৰিবহন সংস্থাই ।

সংস্থাটোৱে শেহতীয়াকৈ কৰা অনুমানৰ আধাৰত এছিয়া প্ৰশান্ত অঞ্চলত কৰ'ণা ভাইৰাছৰ মহামাৰীৰ বাবে ভ্ৰমণ নিষিদ্ধ কৰাৰ ফলত দেশত ক্ৰমবৰ্ধমান কু-প্ৰভাৱৰো ইংগিত প্ৰদান কৰিছে ।

২০২০ বৰ্ষৰ ১৪ এপ্ৰিলত সংস্থাটোৱে এক প্ৰতিবেদনত দাঙি ধৰিছিল যে,এই মহামাৰী সময়ত বিশ্বৰ বিমান যাত্ৰীৰ ৰাজহত ২,৩৮৬,৪০০ কোটি টকাৰ হ্ৰাস দেখা পোৱা গৈছিল । যিটো ২০১৯ বৰ্ষৰ তুলনাত ৫৫ শতাংশ হ্ৰাস । আনহাতে প্ৰশান্ত মহাদেশীয় অঞ্চলত সৰ্বাধিক ৮,৫৮,৮০০ কোটি টকা ৰাজহ নিম্নগামী হৈছে । (২০১৯ বৰ্ষৰ মাৰ্চ ২৪ তাৰিখলৈ আছিল -৬,৬৮,৮০০) । ইয়াৰ লগতে যাত্ৰীৰ চাহিদাটো ৫০ শতাংশ হ্ৰাস দেখা পোৱা গৈছে ২০১৯ বৰ্ষৰ তুলনাত (-৩৭ শতাংশ ২৪ মাৰ্চলৈ) ।

এই অনুমান ঘৰুৱা আৰু আঞ্চলিক আৰু আন্তঃমহাদেশীয় অনুসৰণেৰে ঘৰুৱা বজাৰৰ নিষেধাজ্ঞা পৰিহাৰৰ পাচত তিনি মাহ স্থায়ী ভ্ৰমণ নিষেধৰ ভিত্তিত তৈয়াৰ কৰা হৈছে ।

এই সন্দৰ্ভত এছিয়া প্ৰশান্তৰ আইএটিএৰ আঞ্চলিক সহ-সভাপতি কনৰাড ক্লিফোৰ্ডে কয়, পৰিস্থিতি অধিক বেয়ালৈ গতি কৰি আছে । বিমান সংস্থা বৰ্তমান চাৰভাইভেল মুডত আহি উপনীত হৈছে । দ্বিতীয় পৰ্যায়ত প্ৰায় ৪,৬৩,৬০০ কোটি টকাৰ নগদ তৰল পদাৰ্থৰ সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে ।

ক্লিফোৰ্ডে ভাৰত, ইণ্ডোনেছিয়া, জাপান, মালেছিয়া, দ্য ফিলিপাইনছ,দক্ষিণ কোৰিয়া,শ্ৰীলংকা,থাইলেণ্ডক এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছে ।ভাৰতত ২০২০ বৰ্ষত ৪৭ শতাংশ বিমান যাত্ৰীৰ চাহিদা হ্ৰাস পাই হৈছে ৮৯৭ লাখ । ইয়াৰ লগতে বৰ্তমান এছিয়া প্ৰশান্ত অঞ্চলত ১১২ লাখ চাকৰিৰ ওপৰত বিপদ নামি আহিছে ।

তেওঁ লগতে কয়,COVID-১৯ মহামাৰী শেষ হোৱাৰ পাচত চৰকাৰে বিমান সংস্থাৰ অৰ্থনৈতিক পুনৰুদ্ধাৰ,উৎপাদন কেন্দ্ৰ সমূহক সংযুক্ত কৰাৰ লগতে পৰ্যটনক সমৰ্থন কৰাৰ বাবে সহায় কৰা প্ৰয়োজন । সেইবাবেই পলম হোৱাৰ পূৰ্বেই তৎকালিন ভাৱে কাম কৰাৰ আৱশ্যক বুলি উল্লেখ কৰে ক্লিফোৰ্ডে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.