নিউজ ডেস্ক, 7 এপ্ৰিলঃ শীঘ্ৰে ৰাজনীতিত নামিব বলিউড অভিনেতা বিবেক অৱেৰয় ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বায়'পিকত মোডী চৰিত্ৰত অভিনয় কৰাৰ পাচতে এই মন্তব্য কৰে অভিনেতা গৰাকীয়ে ৷ 2024 চনত লোকসভা নিৰ্বাচনত গুজৰাটৰ বডোদৰা পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বিবেকৰ ৷ পৰিচালক উমাংগ কুমাৰ দ্বাৰা পৰিচালিত "পীএম নৰেন্দ্ৰ মোডী" ছবিখনৰ প্ৰচাৰৰ বাবে পাৰুল বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ লগত হোৱা মত বিনিময় অনুষ্ঠানতে এনেদৰে মত প্ৰকাশ কৰে অভিনেতা গৰাকীয়ে ৷
আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানী, পৰেশ ৰাৱল আৰু হেমা মালিনীকে ধৰি মুঠ 40 গৰাকী বিজেপি নিৰ্বাচনী তাৰকা প্ৰচাৰকৰ ভিতৰত অন্যতম বিবেক অৱেৰয় ৷