ETV Bharat / briefs

চপৰা-চপৰে খহিল ওৰাঙৰ পাচনৈ নদীৰ মথাউৰি

author img

By

Published : May 11, 2019, 5:49 PM IST

ওদালগুৰি জিলাৰ ওৰাঙৰ পাচনৈ নদীৰ ওপৰত নিৰ্মাণ কৰা মথাউৰি খহিল চপৰা-চপৰে,বালিৰে অতি নিম্নমানেৰে নিৰ্মাণ কৰা বাবে মথাউৰি খহি পৰা বুলি মন্তব্য স্থানীয় ৰাইজৰ ৷ ধূপগুৰী, চেঙেলীমৰা আৰু বিছখুটী অঞ্চলত নিৰ্মাণ কৰি থকা হৈছে এই মথাউৰিটো ৷

চপৰা-চপৰে খহিল ওৰাঙৰ পাচনৈ নদীৰ মথাউৰি

ওদালগুৰি,১১মে' : বাৰিষা সমাগত হোৱাৰ লগে-লগে ভৰি পৰিছে ৰাজ্যৰ নৈ-উপনৈসমূহ । বাৰিষাৰ পূৰ্বে ৰাজ্যৰ মথাউৰি মেৰামতি আৰু নিৰ্মাণ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল জলসম্পদ বিভাগক । কিন্তু বিভাগটোৱে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতো গৰাখহনীয়া ৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত শংকিত হৈ পৰিছে এতিয়া নৈ-পৰীয়া ৰাইজ ।

চপৰা-চপৰে খহিল ওৰাঙৰ পাচনৈ নদীৰ মথাউৰি

উল্লেখ্য যে, ওদালগুৰি জিলাৰ ওৰাঙৰ পাচনৈ নদীৰ ওপৰত মথাউৰি নিৰ্মাণৰ বাবে চৰকাৰে আবন্টন কৰিছিল ২.৭৪ কোটি টকা । ধূপগুৰী, চেঙেলীমৰা আৰু বিছখুটী অঞ্চলত নিৰ্মাণ কৰি থকা হৈছে এই মথাউৰিটো । কিন্তু জলসম্পদ বিভাগটোৱে অঞ্চলকেইটাত বালিৰে অতি নিম্নমানৰ মথাউৰি নিৰ্মাণ কৰা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । ইপিনে,বালিৰে মথাউৰিটো নিৰ্মাণ কৰাৰ বাবে বাৰিষাৰ পূৰ্বে চপৰা-চপৰে খহি পৰে মথাউৰিটো । যাৰ বাবে শংকিত হৈ পৰে এতিয়া অঞ্চলবাসী । ৰাইজৰ মত অনুসৰি, পাচনৈ নদীৰ প্ৰলয়ংকাৰী বানে প্ৰতিবছৰে ক্ষতিগ্ৰস্থ কৰে ওৰাঙৰ বিছখুটী,চেঙেলীমৰা আৰু ধূপগুৰী অঞ্চল কেইটা । এই সন্দৰ্ভত স্থানীয় ৰাইজে চৰকাৰক বহুবাৰ জনায় আহিছে যদিও চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন অঞ্চলবাসীৰ । ভৰ-বাৰিষালৈ মাজত মাত্ৰ কেইটামান দিন থকা সময়তে মথাউৰিটো খহি পৰাত শংকিত হৈ পৰিছে এতিয়া অঞ্চলবাসী ।

Intro:বাৰিষাৰ পূৰ্বেই শংকিত পাচনৈ নদীৰ নৈপৰীয়া ৰাইজ । Body:
বাৰিষাৰ পূৰ্বে ৰাজ্যৰ মথাউৰি মেৰামতি আৰু নিৰ্মাণ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল জলসম্পদ বিভাগক । কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতো যে গা নলৰিল বিভাগটোৰ । ফলত বাৰিষা আগমনত শংকিত হব লগা হৈছে এতিয়া নৈ পৰীয়া ৰাইজ । বালিৰে অতি নিম্নমানেৰে নিৰ্মাণ কৰা অভিযোগ উত্থাপন হৈছে ওদালগুৰি জিলাৰ ওৰাঙৰ পাচনৈ নদীৰ ওপৰত মথাউৰিটাটো। ধূপগুৰী, চেঙেলীমৰা আৰু বিছখুটী অঞ্চলত নিৰ্মাণ হোৱা এই মথাউৰিটো এছ ডি আৰ এফ আঁচনিৰ দ্বাৰা মুঠ ২,২৪,৭৪,৮২৪,৫১ কোটি টকা ব্যায় সাপেক্ষে নিৰ্মাণ কৰি থকা হৈছে । কিন্তু বাৰিষাৰ বানপানী নৌহওতেই খহিল চপৰা চপৰে মথাউৰিটো ।
উল্লেখ যে পাচনৈ নদীৰ প্ৰলয়ংকাৰী বানে প্ৰতিবছৰে ক্ষতিগ্ৰস্থ কৰে ওৰাঙৰ বিছখুটী,চেঙেলীমৰা আৰু ধূপগুৰী অঞ্চল কেইটাতাত । ৰাইজে বহুদিন ধৰি চৰকাৰৰ ওচৰত দাবী জনাই অহাৰ পাছত নিৰ্মাণ হৈছিল এই মথাউৰিটো । মথাউৰিটো নিৰ্মাণ হল যদিও মথাউৰিটো নিৰ্মাণত অনিয়মৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । জলসম্পদ বিভাগক এই কাৰ্যক লৈ এতিয়া মুঠেই সন্তুষ্ট নহয় প্ৰতি বছৰে বানপানীয়ে ক্ষতিগ্ৰস্থ কৰা নৈপৰীয়া ৰাইজ ।ভৰ বাৰিষালৈ আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত এনেদৰে মথাউৰি নিৰ্মাণ হোৱাৰ বাবে যে বাৰিষা নৈৰ সূতে এই মথাউৰি ভাঙি উতুৱাই নিব সেয়া নিশ্চিত বুলি ভাবি এতিয়া বানৰ পূৰ্বেই সংকিত হব লগীয়া হৈছে ৰাইজ। অৱশ্যে বিভাগৰ নিৰপেক্ষ তদন্ততহে মথাউৰিটো নিৰ্মান কাৰ্য নিয়ম অনুসৰি হৈছেনে নাই সেইটো পোহৰলৈ আহিব।
Byte 1&2 Local PeopleConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.