নগৰবেৰা,৭মে' : কৃত্ৰিম বানত বুৰ গ'ল নগৰবেৰাৰ শ শ বিঘা ধানখেতি । শুকুৰবাৰ আৰু শনিবাৰে নগৰবেৰাত প্ৰৱল বৃষ্টিপাত হোৱাৰ ফলত নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন ঠাইত কৃত্ৰিম বানপানীৰ সৃষ্টি হয় । এই কৃত্ৰিম বানপানীৰ ফলত নগৰবেৰাৰ জামলাই, মালিবাৰী, বদলা, নাইটৰ, কল্যাণপুৰ, বিদ্যানগৰ, খামেৰী, পলাহৰটাৰী আদি কৰি কুৰিখন গাঁৱৰ ইৰি ধানখেতি সম্পূৰ্ণৰূপে পানীত ডুব যায় । প্ৰকৃতিৰ এনে তাণ্ডৱত এতিয়া চিন্তিত হৈ পৰিছে নগৰবেৰা অঞ্চলৰ সহস্ৰাধিক কৃষক পৰিয়ালে ।
ইফালে, কৃষিপ্ৰধান নগৰবেৰাৰ কৃষকসকলে বেংকৰ পৰা ঋণ লৈ কৰা খেতিডৰাৰ এনে অৱস্থাৰ বাবে চৰকাৰক সহায়ৰ বাবে আহ্বান জনায় ।