ETV Bharat / briefs

কৃত্ৰিম বানৰ সমস্যা ৰোধিবলৈ বৰপেটাত নাগৰিক সভা

বৰপেটাৰোড পৌৰসভাৰ উদ্যোগত বৰপেটাৰোড প্ৰেছ ক্লাবত দেওবাৰে বিয়লি ছয় বজাত অনুষ্ঠিত হয় এখন নাগৰিক সভা ৷ সভাত উপস্থিত থাকে সৰভোগৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ৷

কৃত্ৰিম বানৰ সমস্যা ৰোধিবলৈ বৰপেটাত নাগৰিক সভাৰ আয়োজন
author img

By

Published : Jun 24, 2019, 8:55 AM IST

বৰপেটা, 24 জুন: বৰপেটাৰোড পৌৰসভাৰ উদ্যোগত বৰপেটাৰোড প্ৰেছ ক্লাবত দেওবাৰে বিয়লি ছয় বজাত অনুষ্ঠিত হয় এখন নাগৰিক সভা৷ সভাত উপস্থিত থাকে সৰভোগৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস৷ সভাত এই বাৰিষাত যাতে বৰপেটাৰোডত কৃত্ৰিম বানপানীৰ সৃষ্টি হব নোৱাৰে তাৰবাবে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

কৃত্ৰিম বানৰ সমস্যা ৰোধিবলৈ বৰপেটাত নাগৰিক সভাৰ আয়োজন

বৰ্তমান কৃত্ৰিম বানপানীৰ সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰাৰ লগতে আৱৰ্জনাৰ সমস্যাইও ৰাইজক জুৰুলা কৰিছে৷ ইয়াৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰৰ নগৰ উন্নয়ন বিভাগে বৰপেটাৰোড চহৰৰ কৃত্ৰিম বানৰ সমস্যা সমাধান কৰা বাবে ৫ কোটি আৰু সৰভোগ নগৰৰ বাবে ৩ কোটি অনুমোদন জনোৱাৰ কথাও বিধায়ক গৰাকীয়ে সভাত উল্লেখ কৰে৷

এই অনুদানৰ জৰিয়তে চহৰ দুখনৰ নলাৰ কাম কৰা হ'ব বুলি ৰণজিৎ দাসে সদৰী কৰে। নিশা ন বজালৈকে চলা এই নাগৰিক সভাত বৰপেটাৰোড আৰু সৰভোগ চহৰৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে বক্তব্য আগবঢ়ায়৷

Intro:সম্প্ৰতি চলি আছে বাৰিষাকাল ৷ এই বাৰিষাত যাতে বৰপেটাৰোডত কৃত্ৰিম বানপানীৰ সৃষ্টি হব নোৱাৰে তাৰবাবে সিদ্ধান্ত লোৱাৰ বাবে বৰপেটাৰোডত দেওবাৰে অনুষ্ঠিত হয় এক নাগৰিক সভা ৷Body:বৰপেটাৰোড পৌৰসভাৰ উদ্যোগত বৰপেটাৰোড প্ৰেছ ক্লাবত বিয়লি ছয় বজাত অনুষ্ঠিত হোৱা নাগৰিক সভাত সৰভোগৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে অংশলৈ কয় কৃত্ৰিম বানপানীৰ সমস্যা বৰ্তমান ভয়াবহ হোৱাৰ লগতে আৱৰ্জনাৰ সমস্যাইও ৰাইজক জুৰুলা কৰিছে। ইয়াৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰৰ নগৰ উন্নয়ন বিভাগে বৰপেটাৰোড চহৰৰ কৃত্ৰিম বানৰ সমস্যা সমাধান কৰা বাবে ৫ কোটি আৰু সৰভোগ নগৰৰ বাবে ৩ কোটি অনুমোদন জনাইছে ৷Conclusion:এই অনুদানৰ জৰিয়তে চহৰ দুখনৰ নলাৰ কাম কৰা হব বুলি ৰণজিৎ দাসে সদৰী কৰে। নিশা ন বজালৈকে চলা এই নাগৰিক সভাত বৰপেটাৰোড আৰু সৰভোগ চহৰৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে বক্তব্য আগবঢ়ায় ৷

Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.