ETV Bharat / bharat

এটা বছৰতে উত্তৰাখণ্ডত তৃতীয়গৰাকী মুখ্যমন্ত্ৰীৰ হাতলৈ শাসনৰ বাঘজৰী - তিৰথ সিং ৰাৱট

সঘনে সলনি হৈছে উত্তৰাখণ্ডৰ ৰাজনৈতিক প্ৰেক্ষাপট । একেটা বছৰতে দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰীৰ পদত্যাগ । শুকুৰবাৰে নিশা ৰাজ্যপাল বেবী ৰাণী মৌৰ্যৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰে তিৰথ সিং ৰাৱটে ।

Uttarakhand Chief Minister Tirath Singh Rawat tendered his resignation
তিৰথ সিং ৰাৱটৰ পদত্যাগ
author img

By

Published : Jul 3, 2021, 12:52 PM IST

নেশ্যনেল ডেস্ক, ৩ জুলাই : অৱশেষত তীৰথ সিং ৰাৱটে এৰিলে উত্তৰাখণ্ডৰ দায়িত্ব । উত্তৰাখণ্ডত চলিছে তৃতীয়গৰাকী মুখ্যমন্ত্ৰীক আদৰাৰ প্ৰস্তুতি । শুকুৰবাৰে নিশা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰাৰ পাছতে ৰাজ্যপাল বেবী ৰাণী মৌৰ্যৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰে তীৰথ সিং ৰাৱটে । শনিবাৰে আবেলি ৩ বজাত বিজেপি বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব ।

এই বৈঠকতে নতুন মুখ্যমন্ত্ৰী কোন হ'ব সেই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব । মুখ্যমন্ত্ৰী পদৰ বাবে চৰ্চাত আছে বৰ্তমানৰ বিধায়ক সতপাল মহাৰাজ আৰু ধন সিং ৰাৱটৰ নাম । তেওঁলোকক ইতিমধ্যে বিজেপিৰ হাই কমাণ্ডে দিল্লীলৈ মাতি পঠিয়াইছে ।

ডেৰাডুনত অনুষ্ঠিত হ'বলগীয়া বিধায়িনী দলৰ বৈঠকৰ পৰ্যবেক্ষকৰ দায়িত্ব দিয়া হৈছে কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰক । শুকুৰবাৰে তেওঁ ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল কৰাৰ পাছত তীৰথ সিং ৰাৱটে বিজেপি হাই কমাণ্ডক ধন্যবাদ জনায় । সময়ে সময়ে বিভিন্ন দায়িত্ব অৰ্পণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু দলৰ সকলো নেতাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ।

তীৰথ সিং ৰাৱটে ৰাজ্যপালক সাক্ষাৎ কৰাৰ সময়ত তেওঁৰ সৈতে উপস্থিত থাকে ৰাজ্যিক সভাপতি মদন কৌশিক, কেবিনেট মন্ত্ৰী বিষাণ সিং চুফল, অৰবিন্দ পাণ্ডে, গণেশ যোশী আৰু আন কেইবাগৰাকীও বিধায়ক । উল্লেখ্য যে, বিগত কেইদিনমানৰ পৰা ৰাৱটৰ পদত্যাগৰ বিষয়ে চৰ্চা চলি আছিল । ৰাজ্যখনত উপ-নিৰ্বাচন অনুষ্ঠিত নহ'ব বুলিও চৰ্চা চলিছিল ।

ৰাৱট লোকসভাৰ সাংসদ আৰু সেয়ে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ থাকিবলৈ ১০ ছেপ্তেম্বৰৰ ভিতৰত উত্তৰাখণ্ড বিধানসভালৈ নিৰ্বাচিত হোৱাৰ প্ৰয়োজন আছিল । শেহতীয়া কেইবাটাও বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোনাম দখল কৰি আহিছিল ৰাৱটে । ৰিপড জিনছ পিন্ধা মহিলাক লৈ কৰা মন্তব্য আৰু ২০০ বছৰ ধৰি ভাৰতত বিৰ্টিছে নহয়, আমেৰিকা যুক্তৰাষ্ট্ৰই শাসন কৰিছিল বুলি কৰা মন্তব্যক লৈ সমালোচিত হৈছিল তীৰথ সিং ৰাৱট ।

লগতে পঢ়ক: ১০ মিটাৰ দৈৰ্ঘ্যৰ short span দলঙে কেনেদৰে সহায় কৰিব ভাৰতক !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.