নিউজ ডেস্ক,25 ফেব্ৰুৱাৰী: ভাৰত-তিব্বত সীমান্ত আৰক্ষী (আই টি বি পি) কৰ্মীসকলে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ (এছডিআৰএফ) কৰ্মীসকলৰ সৈতে বৃহস্পতিবাৰে উত্তৰাখণ্ডৰ চামোলি জিলাত হোৱা কৃত্ৰিম বানৰ পিছতেই সৃষ্টি হোৱা কৃত্ৰিম হ্ৰদটোৰ পৰা গছ আৰু শিলবোৰ আঁতৰ কৰে ।
আই.টি.বি.পি. সূত্ৰ অনুসৰি, বৰ্তমান পানীৰ প্ৰবাহ অতি বেছি নহয় আৰু পানী মসৃণভাৱে নিৰ্গত হৈ আছে। চামোলিৰ টাপোৱন সুৰংগত খননৰ কাম কৰা হৈছিল। সুৰংগৰ পৰা পানীৰ পাম্প কৰা হৈছে আৰু এতিয়ালৈকে ১৮০ মিটাৰলৈকে খনন সম্পূৰ্ণ হৈছে৷
মঙলবাৰে ৰাজ্য চৰকাৰৰ মতে, ঘটনাস্থলীৰ পৰা পৰা আৰু দুটা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত উত্তৰাখণ্ডৰ হিমবাহ বিস্ফোৰণৰ ঘটনাত মৃত্যুৰ সংখ্যা ৭০ জনলৈ বৃদ্ধি পাইছে ৷ ইফালে, সন্ধানহীন ১৩৪ জন লোকৰ সন্ধান আৰু উদ্ধাৰ অভিযান বৰ্তমানো চলি আছে ৷
উল্লেখ্য যে, ৭ ফেব্ৰুৱাৰীত উত্তৰাখণ্ডৰ চামোলি জিলাৰ তাপোৱন-ৰেনি অঞ্চলত এটা হিমবাহ বিস্ফোৰণ হোৱাৰ ফলত ধলিগংগা আৰু অলকানন্দা নদীত প্ৰবল বান হোৱাৰ লগতে ক্ষতিগ্ৰস্ত হৈছিল বহুতো ঘৰ আৰু ঋষিগংগা বিদ্যুৎ প্ৰকল্প ৷
লগতে পঢ়ক:গোৱালপাৰাত ৰাইজৰ দলৰ নিৰ্বাচনী ৰণডংকা