ETV Bharat / bharat

Tripura Assmbly: ত্ৰিপুৰা বিধানসভাৰ পৰা পদত্যাগ আইপিএফটিৰ বিধায়ক মেভাৰ কুমাৰ জামাতিয়াৰ - royal scion Pradyot Kishore Manikya Debbarma

ত্ৰিপুৰাত বিজেপি-আইপিএফটি মিত্ৰজোঁটক এক ডাঙৰ আঘাত (major blow to BJP IPFT alliance in Tripura) হানি প্ৰাক্তন মন্ত্ৰী তথা আইপিএফটিৰ বিধায়ক মেভাৰ কুমাৰ জামাতিয়াই আজি সন্ধিয়া বিধানসভাৰ অধ্যক্ষ ৰতন চক্ৰৱৰ্তীৰ হাতত পদত্যাগ-পত্ৰ প্ৰদান কৰে (IPFT MLA Mevar Kumar Jamatia resigned) ।

\Tripura
\Tripura
author img

By

Published : Nov 8, 2022, 7:50 PM IST

আগৰতলা, ৮ নৱেম্বৰ : বিধানসভা নিৰ্বাচনৰ পূৰ্বে ত্ৰিপুৰাৰ (Tripura assembly election 2023) শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁটত মোক্ষম আঘাত । ত্ৰিপুৰাত বিজেপি-আইপিএফটি মিত্ৰজোঁটক এক ডাঙৰ আঘাত (major blow to BJP IPFT alliance in Tripura) হানি প্ৰাক্তন মন্ত্ৰী তথা আইপিএফটিৰ বিধায়ক মেভাৰ কুমাৰ জামাতিয়াই আজি সন্ধিয়া বিধানসভাৰ অধ্যক্ষ ৰতন চক্ৰৱৰ্তীৰ হাতত পদত্যাগ-পত্ৰ প্ৰদান কৰে (IPFT MLA Mevar Kumar Jamatia resigned) ।

ফলত বিধায়ক জামাতিয়াৰ পদত্যাগৰ লগে লগে বৰ্তমান আইপিএফটিৰ বিধায়কৰ সংখ্যা পাঁচজনলৈ হ্ৰাস পালে (BJP led govt of Tripura) ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত আইপিএফটিৰ বিধায়ক মেভাৰ কুমাৰ জামাতিয়াই কয়, "আজি মই ত্ৰিপুৰা বিধানসভাৰ সদস্য পদৰ পৰা পদত্যাগ কৰিছোঁ ৷ আপোনালোক সকলোৱে জানে যে মই এই পদত্যাগৰ বাবে দীঘলীয়া সময় ধৰি চিন্তা কৰি আছিলোঁ ।

এই মুহূৰ্তত কেৱল মই মোৰ দুখ প্ৰকাশ কৰিব বিচাৰোঁ যে মোৰ চাৰি বছৰীয়া মন্ত্ৰিত্বৰ কাৰ্যকালত মই এটা আঞ্চলিক দল আইপিএফটিৰ পৰা আহিছিলোঁ আৰু বিজেপিৰ সৈতে মিত্ৰতা গঢ়িছিলোঁ । মিত্ৰতাৰ পূৰ্বে আমাৰ কিছু প্ৰতিশ্ৰুতি আৰু দাবী আছিল । মই ব্যক্তিগতভাৱে বহুবাৰ কেন্দ্ৰীয় চৰকাৰক লগ কৰিছিলোঁ আৰু ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ উন্নয়নৰ বাবে বহু বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিলোঁ । কিন্তু তাৰ একোৱে কাম কৰা হোৱা নাই ।"

তেওঁ এইটোও কয় যে কেইবাজনো জ্যেষ্ঠ মন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰাৰ পাছতো এই ক্ষেত্ৰত একো পদক্ষেপ গ্ৰহণ কৰা নহ'ল । আনহাতে, আন কিছু সূত্ৰ মতে, মেভাৰে ৰাজকীয় বংশধৰ প্ৰদ্যুত কিশোৰ মণিক্য দেৱবাৰ্মাৰ (royal scion Pradyot Kishore Manikya Debbarma) নেতৃত্বত ত্ৰিপ্ৰা মোথাত (Tripra Motha) যোগদান কৰিবলৈ সাজু হৈছে ।

লগতে পঢ়ক :Gender Changed in Bharatpur: লিংগ পৰিৱৰ্তন কৰি প্ৰেমিকাৰ সৈতে বিয়া ৰাজস্থানৰ যুৱতীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.