নেশ্যনেল ডেস্ক, ২২ ফেব্ৰুৱাৰী : প্ৰথমবাৰৰ বাবে মংগল গ্ৰহত ৰ'ভাৰৰ অৱতৰণৰ দৃশ্যৰ ওচৰৰ পৰা তোলা আলোকচিত্ৰ চোৱাৰ সুযোগ লাভ কৰিলে বিশ্ববাসীয়ে । নাছাই শেহতীয়াকৈ মুকলি কৰিছে নতুন ৰ'ভাৰ ৰঙা গ্ৰহৰ পৃষ্ঠত অৱতৰণ কৰাৰ আশ্চৰ্যজনক আলোকচিত্ৰ ।
সফলভাৱে নাছাৰ ৰ'ভাৰে প্ৰাচীন ব-দ্বীপৰ সমীপত অৱতৰণ কৰে আৰু অৱতৰণৰ এখন আলোকচিত্ৰ নাছাই ৰাজহুৱা কৰিছে ।
এই স্থানতে প্ৰাচীন জীৱনৰ প্ৰমাণ বিচাৰি অনুসন্ধান চলোৱা হ'ব । লগতে এটা দশকৰ ভিতৰত নমুনা হিচাপে পৃথিৱীলৈ আনিবলগীয়া শিলবোৰ একাষৰীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হ'ব ।
আনহাতে, যোৱা সপ্তাহত আৰৱ আৰু চীনৰ পৰা যোৱা দুখন মহাকাশযানে মংগল গ্ৰহৰ কক্ষপথত প্ৰৱেশ কৰা তথ্য পোৱা গৈছে ।
পৃথিৱী আৰু মংগল গ্ৰহ অধিক কাষ চপাৰ অপেক্ষা কৰি যোৱা বছৰ জুলাই মাহত এই অভিযান স্থগিত ৰখা হৈছিল । যোৱা ৭ মাহত ই ৩০০ নিযুত মাইল যাত্ৰা কৰিছে ।
লগতে পঢ়ক:উন্নাও কাণ্ড : বৰ্খা দত্ত পৰিচালিত টুইটাৰ একাউন্টৰ বিৰুদ্ধে গোচৰ