আগৰতলা , 3 ছেপ্তেম্বৰ : পূৰ্বৰ পদৰ পৰা পতদ্যাগৰ পাচতে ত্ৰিপুৰা বিধানসভা(Tripura legislative assembly)ৰ প্ৰাক্তন অধ্যক্ষ ৰেৱতী মোহন দাস(Rebati Mohan Das)ক বিজেপিৰ ত্ৰিপুৰা প্ৰদেশ(BJP’s Tripura Pradesh)ৰ উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে ৷ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ(Chief Minister Biplab Kumar Deb) নেতৃত্বাধীন ৰাজ্যিক কেবিনেটৰ ব্যাপক সালসলনিৰ পাচতে দাসক বিজেপিৰ ত্ৰিপুৰা প্ৰদেশৰ উপ-সভাপতি হিচাপে নিযুক্তি দিয়া ঘটনাই স্বাভাৱিকতে যথেষ্ট গুৰুত্ব বহন কৰিছে ৷
মন কৰিব লগীয়া যে, বহু দলীয় বিধায়ক গোপনে এই কথাত একমত হৈছে যে, দাস অধ্যক্ষ পদৰ বাবে উপযুক্ত নাছিল আৰু প্ৰায়ে আশা কৰা ধৰণেৰে দায়িত্ব পালনত তেওঁ ব্যৰ্থ হৈছিল ৷ অৱশ্যে 2018 চনত হোৱা গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰিৱৰ্তনৰ পাচতে অনুসূচীত জাতি সংৰক্ষিত প্ৰতাপগড় বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা এই প্ৰবীন ৰাজনীতিবিদ গৰাকীক বিনা প্ৰতিদ্বন্দিতাৰে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছিল ৷
লগতে পঢ়ক : "বৃহত্তৰ টিপ্ৰালেণ্ড" সন্দৰ্ভত প্ৰশ্নৰ উত্থাপন হৰিনাথ দেৱবাৰ্মাৰ
ত্ৰিপুৰা বিজেপিৰ ৰাজ্যিক সভাপতি ড৹ মানিক সাহাই পদত্যাগৰ ঠিক পিছতে এক আনুষ্ঠানিক সংবাদমেলৰ জৰিয়তে দাসক তেওঁৰ ছয়জন উপ-সভাপতিৰ এজন হিচাপে নিযুক্তি দিয়ে ৷ কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিক(Pratima Bhoumik)ৰ ঠাইত দাসক এই স্থান প্ৰদান কৰা হৈছে ৷
দাসক উপ-সভাপতি হিচাপে নিযুক্তি দিয়াৰ পাচত সাহাই কয় যে, ৰেৱতী মোহন দাসে যিহেতু কোনো সাংবিধানিক পদত নাথাকি দলৰ সংগঠনৰ বাবে কাম কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছিল, সেয়ে প্ৰতিমা ভৌমিকৰ ঠাইত তেওঁক নতুন উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে ৷ সাহাই লগতে কয় যে, ৰেৱতী দাসে নিজৰ ভূমিকা যথেষ্ট দক্ষতাৰে পালন কৰিছে সেয়ে তেওঁৰ ইচ্ছাক অনুসৰণ কৰি দলটোক পথ প্ৰদৰ্শন কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰিবলৈ তেওঁক মূল সমিতিত অন্তৰ্ভুক্ত কৰা হৈছে ৷ ইফালে আগন্তুক নিৰ্বাচনত এক সৰ্বশ্ৰেষ্ঠ ফলাফল লাভৰ উদ্দেশ্যে ৰাজ্যিক বিজেপিত ব্যাপক পৰিৱৰ্তন কৰা হৈছে বুলি বহু পৰ্যবেক্ষকে ধাৰণা কৰিছে ৷
লগতে পঢ়ক : ত্ৰিপুৰাত অনুষ্ঠিত হ'ব তৃণমূল কংগ্ৰেছৰ ১৫ দিনীয়া সদস্য ভৰ্তি অভিযান
উল্লেখ্য যে, প্ৰবীণ বাওঁপন্থী নেতা আৰু প্ৰাক্তন মন্ত্ৰী স্বৰ্গীয় অনিল সৰকাৰৰ ঘনিষ্ঠ বিশ্বাসী হিচাপে কৰ্মজীৱন আৰম্ভ কৰা দাসে ২০১৮ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মনোনয়ন লাভ কৰাৰ উদ্দেশ্যে বিজেপি দল ত্যাগ কৰিছিল ৷ ইফালে এই সন্দৰ্ভত বক্তব্য ৰাখি ৰেৱতী দাসে এই পদক্ষেপ লোৱাৰ বাবে তেওঁক কোনো হেঁচা দিয়া নাই বুলি সদৰী কৰে ৷ দাসে কয় যে, তেওঁ নিজেই মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক দায়িত্বৰ পৰা সকাহ দিয়াৰ বাবে অনুৰোধ কৰিছিল ৷ সাংগঠনিক কামত নিজকে অধিক খাপ খাই পৰা বুলি অনুভৱ কৰাৰ বাবেই তেওঁ এই সিদ্ধান্ত লোৱা বুলি সদৰী কৰে ৷
লগতে পঢ়ক : তিনিগৰাকী নতুন মন্ত্ৰীক সম্বৰ্ধনা ত্ৰিপুৰা বিজেপিৰ