ETV Bharat / bharat

ত্ৰিপুৰাত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব স্মাৰ্ট ৰেচন কাৰ্ড - Smart ration card in Tripura

সময় সলনি হোৱাৰ লগে লগে বিভিন্ন ক্ষেত্ৰত পৰিৱৰ্তন আহিছে । এইবাৰ পুৰণি কাগজৰ ৰেচন কাৰ্ডৰ ঠাইত প্ৰৱৰ্তন হ’ব স্মাৰ্ট ৰেচন কাৰ্ড । ত্ৰিপুৰা চৰকাৰে লৈছে বিশেষ পদক্ষেপ (Smart ration card to be introduced in Tripura)। বিধানসভাত যোগান মন্ত্ৰীৰ ঘোষণা ।

Smart ration card
ত্ৰিপুৰাত আহিব স্মাৰ্ট ৰেচন কাৰ্ড
author img

By

Published : Mar 25, 2022, 12:42 PM IST

আগৰতলা,২৫ মাৰ্চ : বৰ্তমানৰ আধুনিক যুগত প্ৰায় সকলো ক্ষেত্ৰত বিজ্ঞান-প্ৰযুক্তিৰ ব্যৱহাৰ হোৱা দেখা গৈছে । ডিজিটেলাইজ কৰা হৈছে পূৰ্বৰ বহু প্ৰক্ৰিয়া । এইবাৰ ৰেচন কাৰ্ডো কৰা হ'ব ডিজিটেলাইজ (Ration card to be digitalized in Tripura)। অৰ্থাৎ কাগজৰ ৰেচন কাৰ্ডৰ ঠাইত আহিব স্মাৰ্ট ৰেচন কাৰ্ড । ত্ৰিপুৰা চৰকাৰে এই ক্ষেত্ৰত চিন্তা-চৰ্চা আৰম্ভ কৰিছে ।

বিধানসভাৰ মজিয়াত এই কথা প্ৰকাশ কৰে ত্ৰিপুৰাৰ খাদ্য, অসামৰিক যোগান মন্ত্ৰী মনোজ কান্তি দেৱে । বিজেপি বিধায়ক শংকৰ ৰয়ৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ত্ৰিপুৰা চৰকাৰে বৰ্তমানৰ সকলো ৰেচন কাৰ্ডক মাইক্ৰ'চিপ সম্বলিত ৰেচন কাৰ্ডলৈ ৰূপান্তৰৰ চিন্তা-চৰ্চা কৰি আছে (Smart ration to be introduced in Tripura)। ৰাজহুৱা বিতৰণ ব্যৱস্থাক সম্পূৰ্ণৰূপে ডিজিটেলাইজ কৰাৰ উদ্দেশ্যে পুৰণি ৰেচন কাৰ্ডসমূহ সলনি কৰা হ'ব ।

মন্ত্ৰীগৰাকীয়ে জনোৱা মতে ৰেচন কাৰ্ড থকা সকলো লোকৰে তথ্য পৰীক্ষা কৰাৰ উদ্দেশ্যে ৰাজ্যৰ অনলাইন ৰেচন কাৰ্ডৰ ডাটাবেচে কাম আৰম্ভ কৰিছে । এই কাম সম্পূৰ্ণ হোৱাৰ পাছত স্মাৰ্ট ৰেচন কাৰ্ড জাৰী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব (Smart ration card in Tripura)।

মন্ত্ৰীগৰাকীয়ে কয় যে, এই বছৰৰ মাৰ্চৰ শেহৰ ফালে ৰেচন কাৰ্ড থকা ৰাজ্যখনৰ সকলো শ্ৰেণীৰ লোকক স্মাৰ্ট ৰেচন কাৰ্ড জাৰী কৰাৰ কাম আৰম্ভ হ'ব । তেওঁ লগতে কয় যে, ৰাজ্যখনত বৰ্তমান ব্যৱহৃত ৰেচন কাৰ্ডবোৰ ২০১০ চনত জাৰী কৰা হৈছিল ।

লগতে পঢ়ক :শস্য বীমাৰ অধীনলৈ ত্ৰিপুৰাৰ প্ৰায় ৮ লাখ কৃষক : কৃষি মন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.