ETV Bharat / bharat

ৰাজ পৰিয়ালৰ ৰাজকুমাৰ ৰঞ্জন সিঙ আজি কেবিনেট মন্ত্ৰী

author img

By

Published : Jul 8, 2021, 10:15 PM IST

মোডী কেবিনেট 2.0ৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ মণিপুৰৰ ৰাজ পৰিয়ালৰ ৰাজকুমাৰ ৰঞ্জন সিঙৰ ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব লাভ শৈক্ষিক ক্ষেত্ৰৰ পৰা ৰাজনৈতিক ক্ষেত্ৰলৈ যোৱা আৰ কে ৰঞ্জনৰ ৷

Rajkumar Ranjan Singh  sworn in as Union Minister of State
ৰাজ পৰিয়ালৰ ৰাজকুমাৰ ৰঞ্জন সিঙ আজি কেবিনেট মন্ত্ৰী

নিউজ ডেস্ক, 8 জুলাই : দেশৰ ৰাজনীতিত বিগত কেইবাদিনৰ পৰা বিশেষভাৱে চৰ্চিত হৈ থকাৰ পাচত অৱশেষত বুধবাৰে মোডী কেবিনেট 2.0ত অন্তৰ্ভুক্ত হোৱা কেবিনেট মন্ত্ৰীসকলে শপত গ্ৰহণ কৰে ৷ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ অংশ হিচাপে নতুনকৈ কেবিনেট মন্ত্ৰীত্ব লাভ কৰাসকলৰ ভিতৰত আছে মণিপুৰৰ ৰাজপৰিয়ালৰ ৰাজকুমাৰ ৰঞ্জন সিঙ ৷ মোডী মন্ত্ৰীসভাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দায়িত্ব লাভ কৰিছে ৰঞ্জন সিঙে ৷

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা মণিপুৰৰ ৰাজবংশৰ ৰাজকুমাৰ ৰঞ্জন সিঙে ৰাজ্যখনৰ বিভিন্ন জনজাতিৰ মাজত একতা স্থাপনৰ হকে কাম কৰি আহিছে ৷ আৰ কে ৰঞ্জন (R K Ranjan) নামেৰে জনাজাত ৰঞ্জন সিঙে 1952 চনৰ 1 চেপ্তেম্বৰত মণিপুৰৰ কঙবা মাখা নান্দেইবাম লেইকাই গাঁৱত জন্মগ্ৰহণ কৰিছিল ৷ শৈক্ষিক ক্ষেত্ৰ এৰি ৰাজনীতিৰ ক্ষেত্ৰখন বাছি লোৱা এইগৰাকী ৰাজনীতিবিদ বিশেষভাৱে একতা স্থাপনৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বাবেই সৰ্বজন বিদিত ৷

দৈবালা দেৱৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা ৰাজকুমাৰ মণিছানা সিঙৰ পুত্ৰ আৰ কে ৰঞ্জনে ইম্ফলৰ ধন মঞ্জুৰী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাচত 1972 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভূগোল বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ৷ ইয়াৰ পাচতে তেওঁ মণিপুৰত "ভূমি ব্যৱহাৰৰ সমস্যা"(problems of land-use) বিষয়ত পিএইচডি(PhD) ডিগ্ৰী অৰ্জন কৰে ৷

মণিপুৰৰ মহাবিদ্যালয়সমূহত কিছুদিন অধ্যাপনা কৰা পাচত তেওঁ মণিপুৰ বিশ্ববিদ্যালয়ত (এমইউ) পৃথিৱী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক হিচাপে যোগদান কৰে ৷ পঞ্জীয়ক হিচাপে নিযুক্তি লাভ কৰাৰ পাচত তেওঁ ২০০৪ চনৰ পৰা ২০০৮ চনলৈ বিশ্ববিদ্যলয়খনৰ পঞ্জীয়ক হিচাপে সেৱা আগবঢ়াই ৷

শৈক্ষিক ক্ষেত্ৰৰ পাচত ৰাজনৈতিক ক্ষেত্ৰখনক বাছি লোৱা ৰঞ্জনে 2013 চনত ভাৰতীয় জনতা পাৰ্টী(বিজেপি)ত যোগদান কৰাৰ পাচত পৰৱৰ্তী বছৰত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে ৷ অৱশ্যে ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁৰ এই আত্মপ্ৰকাশ অসফল হৈছিল ৷ ইয়াৰ পাচতে 2019 বৰ্ষত অনুষ্ঠিত 17তম লোকসভা নিৰ্বাচনত তেওঁ পুনৰ বিজেপিৰ টিকটত আভ্যন্তৰীণ মণিপুৰ সংসদীয় সমষ্টি(Inner Manipur parliamentary constituency)ৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল ৷

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দায়িত্ব লাভ কৰা ৰঞ্জনক বিজ্ঞান আৰু প্ৰযুক্তিৰ স্থায়ী সমিতি( Standing Committee for Science and Technology), DoNERৰ পৰামৰ্শদাতা সমিতি(Consultative Committee for DoNER)আৰু সংসদীয় নিয়ম সমিতি(Parliamentary Rules Committee)কে ধৰি কেইবাখনো সংসদীয় সমিতিৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে ৷

লগতে পঢ়ক: প্ৰতিমা ভৌমিকক সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ দায়িত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.