নিউজ ডেস্ক, 25 ছেপ্টেম্বৰ : চলিত বৰ্ষৰ শেষৰ ফালে ৰাজস্থানত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন ৷ নিৰবাচনৰ বাবে ৰাজস্থানত এতিয়া ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে বিজেপিয়ে ৷ পৰিৱৰ্তন সংকল্প যাত্ৰাৰ সামূহিক সমাপ্তি উপলক্ষে, সোমবাৰে জয়পুৰৰ দাদিয়াত পৰিৱৰ্তন সংকল্প মহাসভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰে ৷ ভাষণত প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাজস্থানৰ গেহলট চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷ তেওঁ কয় যে, কংগ্ৰেছে ৰাজস্থানত যিধৰণে চৰকাৰ চলাইছে, সেয়া শূন্যৰ যোগ্য ৷ সেয়েহে ৰাজস্থানৰ ৰাইজে এতিয়া গেহলট চৰকাৰক আঁতৰাই বিজেপিক ঘূৰাই অনাৰ সিদ্ধান্ত লৈছে বুলি কয় প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷
-
शौर्य, स्वाभिमान और बलिदान की धरती राजस्थान आकर मैं सदैव गौरवान्वित महसूस करता हूं। जयपुर में ‘परिवर्तन संकल्प महासभा’ को संबोधित कर रहा हूं। https://t.co/x7loKuXBUR
— Narendra Modi (@narendramodi) September 25, 2023 " class="align-text-top noRightClick twitterSection" data="
">शौर्य, स्वाभिमान और बलिदान की धरती राजस्थान आकर मैं सदैव गौरवान्वित महसूस करता हूं। जयपुर में ‘परिवर्तन संकल्प महासभा’ को संबोधित कर रहा हूं। https://t.co/x7loKuXBUR
— Narendra Modi (@narendramodi) September 25, 2023शौर्य, स्वाभिमान और बलिदान की धरती राजस्थान आकर मैं सदैव गौरवान्वित महसूस करता हूं। जयपुर में ‘परिवर्तन संकल्प महासभा’ को संबोधित कर रहा हूं। https://t.co/x7loKuXBUR
— Narendra Modi (@narendramodi) September 25, 2023
তেওঁ আৰু কয় যে, গেহলট চৰকাৰে দুৰ্নীতি আৰু অপৰাধৰ বাহিৰে আন একো নিদিয়াৰ বাবেই বিগত পাঁচ বছৰে ৰাজস্থানৰ জনসাধাৰণ অশান্তিত আছে ৷ ইয়াৰ যুৱক-যুৱতী, কৃষক, ব্যৱসায়ী আৰু ভগ্নী-কন্যাই ভয়ত জীয়াই থাকিবলৈ বাধ্য হৈছে ৷ সেই বাবেই এতিয়া ৰাজ্যবাসীয়ে তেওঁলোকক ক্ষমতাৰ পৰা বিতাড়িত কৰিবলৈ ওলাইছে ৷
লগতে পঢ়ক : PM Modi slams Congress : 'চহৰৰ মাওবাদীয়ে চলাই আছে দেউলীয়া কংগ্ৰেছ দল'-প্ৰধানমন্ত্ৰী মোদী
একে সময়তে মহিলা সংৰক্ষণৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে বহু দশক ধৰি আমাৰ মাতৃ-ভগ্নীসকলে লোকসভা আৰু বিধানসভাত ৩৩ শতাংশ সংৰক্ষণৰ বাবে অপেক্ষা কৰি আছিল ৷ তেওঁলোকৰ এই আশা আপোনালোকৰ ভোটৰ শক্তিৰে পূৰণ হৈছে ৷ আপোনাৰ ভোটে মোক নিৰ্বাচিত কৰিলে আৰু মই আপোনাৰ সেৱাৰ নিশ্চয়তা দিলোঁ ৷ আজি মই আপোনাৰ এই নিশ্চয়তা পূৰণ কৰিলোঁ ৷ ইয়াৰ পূৰ্বে তেওঁ কৈছিল- "যি সময়ত ভাৰতৰ গৌৰৱ তুংগত আছে, সেই সময়ত মই জয়পুৰলৈ আহিছো। ভাৰতে চন্দ্ৰৰ সেই পৃষ্ঠত উপনীত হৈছে য’ত আন কোনোৱে নোৱাৰিলে। ভাৰতৰ বীৰত্বত সমগ্ৰ বিশ্বই আচৰিত হৈ পৰিছে।"
লগতে পঢ়ক : Rahul Gandhi Accused PM Modi : অ'বিচি প্ৰসংগত বিজেপিক তীব্ৰ আক্ৰমণ ৰাহুলৰ