নিউজ ডেস্ক, ৯ এপ্ৰিল : ছত্তীশগড়ৰ নক্সাল প্ৰভাৱিত চুকমা জিলাত পুনৰ সংঘটিত হৈছে নক্সালবাদীৰ আক্ৰমণৰ ঘটনা । এইবাৰ চুকমা জিলাৰ পালামাডগু অঞ্চলত নক্সালবাদীয়ে তিনিজন ব্যৱসায়ীক লাঠিৰে প্ৰহাৰ কৰে (Naxalites thrashed traders in Sukma Chhattisgarh) । নক্সালবাদীৰ অভিযোগ, ব্যক্তিকেইজন আৰক্ষীৰ চোৰাংচোৱা । আনহাতে, এই প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ এজন খুচুৰা ব্যৱসায়ীৰ মৃত্যু হয় । বাকী দুজন ব্যৱসায়ী আঘাতপ্ৰাপ্ত হয় (one killed by naxalites in Chhattisgarh) । তেওঁলোক চুকমা জিলাৰ ডৰনাপাল চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । উল্লেখ্য যে, নক্সালবাদীয়ে ব্যৱসায়ীসকলৰ মটৰচাইকেলসমূহো জ্বলাই দিয়ে ।
প্ৰাপ্ত তথ্য অনুসৰি, ডৰনাপালৰ তিনিজন ব্যৱসায়ীয়ে গেলামাল আৰু অন্যান্য সামগ্ৰী লৈ ব্যৱসায় কৰিবলৈ পালামদাগু অঞ্চলত উপস্থিত হৈছিল । পালামদাগুৰ অন্তিমখন গাঁও কুমাপাৰাত গাঁৱলীয়া পোছাকত থকা নক্সালবাদীয়ে ব্যৱসায়ী তিনিজনৰ পথ অৱৰোধ কৰি তেওঁলোকক আৰক্ষীৰ সামগ্ৰী বিতৰণ কৰাৰ অভিযোগ তুলি লাঠিৰে বেয়াকৈ প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে । মাওবাদীয়ে প্ৰহাৰ কৰা এই তিনিজন ব্যৱসায়ী হৈছে প্ৰধান সুনানী, গোপাল বাঘেল আৰু প্ৰদীপ বাঘেল । আনহাতে, প্ৰহাৰ কৰাৰ পিছত নক্সালবাদীয়ে তেওঁৰ মটৰচাইকেলতো অগ্নিসংযোগ কৰে । ইফালে নক্সালবাদীৰ মাৰপিটৰ পৰা নিজকে কেনেবাকৈ ৰক্ষা কৰি ব্যৱসায়ীকেইজনে খোজকাঢ়িয়েই ডৰনাপাললৈ যায় ।
ইফালে নক্সালবাদীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হোৱা প্ৰদীপ বাঘেলৰ আদবাটতে মৃত্যু হয় । বৰ্তমান চিকিৎসালয়ত আন দুজন ব্যৱসায়ীৰ চিকিৎসা চলি আছে । লগতে নক্সালবাদীয়ে ব্যৱসায়ী তিনিজনক লুণ্ঠন কৰাৰো অভিযোগ উঠিছে । পিছত ঘটনাৰ তথ্য লাভ কৰি আৰক্ষীয়ে ডৰনাপাল চিকিৎসালয়ত উপস্থিত হয় ।
আনহাতে, ঘটনাটোৰ পিছত নিৰাপত্তা বাহিনীৰ লোক ততাতৈয়াকৈ ঘটনাস্থলীলৈ ৰাওনা হয় । ইফালে দেওবাৰে পুৱা পালামদাগু অঞ্চলত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত এক সংঘৰ্ষ সংঘটিত হয় (police encounter naxalites in Chhattisgarh) । সুৰক্ষা বাহিনীয়ে দাবী কৰা মতে, এই সংঘৰ্ষত তিনিৰ পৰা চাৰিজন নক্সাল আহত হৈছে । ইয়াৰ উপৰি, নিকটৱৰ্তী স্থানবোৰত তালাচী চলাই ব্যৱসায়ীকেইজনৰ পৰা লুণ্ঠন কৰা সামগ্ৰী আৰু মটৰচাইকেল উদ্ধাৰ কৰে ।
লগতে পঢ়ক :Punjab Govt New office Time : পঞ্জাৱত পুৱা 7.30 বজাৰ পৰা আৰম্ভ হ'ব চৰকাৰী কাৰ্যালয়