ETV Bharat / bharat

জম্মু-কাশ্মীৰত শ্বহীদ হোৱা তেলেংগানাৰ সেনা জোৱানলৈ শ্ৰদ্ধাঞ্জলি

author img

By

Published : Nov 11, 2020, 12:42 PM IST

তেলেংগানালৈ অনা হ'ল জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত শ্বহীদ হোৱা সেনা জোৱান ৰিয়াদা মহেশৰ নশ্বৰ দেহ। তেলেংগানাৰ ৰাজ্যপালসহ কেইবাগৰাকীও নেতাই সেনা জোৱানগৰাকীৰ আত্মাৰ চিৰশান্তিৰ কামনাৰে শ্ৰদ্ধাঞ্জলি জনায়। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰিয়াদা মহেশৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ৫০ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

জম্মু-কাশ্মীৰত শ্বহীদ হোৱা তেলেংগানাৰ সেনা জোৱানলৈ শ্ৰদ্ধাঞ্জলি
জম্মু-কাশ্মীৰত শ্বহীদ হোৱা তেলেংগানাৰ সেনা জোৱানলৈ শ্ৰদ্ধাঞ্জলি

নেশ্যনেল ডেস্ক, ১১ নৱেম্বৰ: জম্মু-কাশ্মীৰৰ মাছিল ছেক্টৰত চলা সন্ত্ৰাসবাদী বিৰোধী অভিযানত দেশৰ হকে প্ৰাণ আহুতি দিয়া সেনা জোৱান ৰিয়াদা মহেশৰ নশ্বৰ দেহ মঙলবাৰে নিশা হাইদৰাবাদৰ বেগমপেট বিমানবন্দৰলৈ অনা হয়। তেলেংগানাৰ ৰাজ্যপাল তামিলিছাই সৌন্দ্ৰৰাজনৰ লগতে কেইবাগৰাকীও ৰাজনৈতিক নেতাই বিমানবন্দৰতে সেনা জোৱানগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইয়াৰ পিছতে নিজামাবাদত থকা পৰিয়ালক গতাই দিয়া হ'ব সেনা জোৱানগৰাকীৰ নশ্বৰ দেহ। শ্বহীদ ৰিয়াদা মহেশে ২০১৪ চনত ২৫ বছৰ বয়সত ভাৰতীয় সেনাত যোগদান কৰিছিল। তেওঁৰ ঘৰ তেলেংগানাৰ নিজামাবাদ জিলাৰ বেলপুৰৰ কোমনপল্লে গাঁৱত। মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে ৰিয়াদা মহেশৰ সেনা জেৱানগৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ৫০ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

লগতে পঢ়ক: বিহাৰ নিৰ্বাচন : এক্সজিট প’লক ভুল প্ৰমাণিত কৰিলে এনডিএয়ে

For All Latest Updates

TAGGED:

THURSDAY
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.