ETV Bharat / bharat

ক'ভিড-১৯: মিজোৰামত নতুনকৈ ১৮৪ জন আক্ৰান্ত - লেংপুই বিমানবন্দৰ

দেশৰ ভিন্ন ৰাজ্যৰ লগতে মিজোৰামতো দৈনিক বৃদ্ধি পাইছে ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা । যোৱা ৬ মে'ত ৰাজ্যখনত নতুনকৈ ১৮৪ জন লোক মহামাৰীৰ কবলত পৰে । ক'ভিড-১৯ ত আক্ৰান্ত হৈ মিজোৰামত এতিয়ালৈকে ১৭ জনে লোকে প্ৰাণ হেৰুৱাইছে ।

Mizoram Covid update
মিজোৰামত নতুনকৈ ১৮৪ জন কৰ'ণাত আক্ৰান্ত
author img

By

Published : May 8, 2021, 2:24 PM IST

নেশ্যনেল ডেস্ক,৮ মে': দেশত অব্যাহত আছে কৰ'ণা মহামাৰীৰ বিভীষিকা । আন আন ৰাজ্যৰ লগতে মিজোৰামতো বৃদ্ধি পাইছে মহামাৰীত আক্ৰান্তৰ সংখ্যা । এতিয়ালৈকে ৰাজ্যখনত ৭,১৪৭ জন লোক আক্ৰান্ত হৈছে । যোৱা ৬ মে'ত ৰাজ্যখনত নতুনকৈ ১৮৪ জন লোক মহামাৰীৰ কবলত পৰে । ক'ভিড-১৯ত আক্ৰান্ত হৈ মিজোৰামত এতিয়ালৈকে ১৭ জনে লোকে প্ৰাণ হেৰুৱাইছে ।

জ'ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৰটিপিচিআৰ পৰীক্ষাগাৰত কৰা নমুনা পৰীক্ষণৰ পিছত ৭৮ টা নমুনাত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে । ট্ৰু এনএটি পৰীক্ষাগাৰত কৰা পৰীক্ষাত ১২ জন লোক আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে । আৰএজিটি পৰীক্ষাত ৯৪ জন লোক কৰ'ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ কথা প্ৰমাণিত হয় ।

Mizoram Covid update
মিজোৰামত নতুনকৈ ১৮৪ জন কৰ'ণাত আক্ৰান্ত

ইফালে লেংপুই বিমানবন্দৰত যাত্ৰীসকলক ক'ভিড পৰীক্ষা কৰোৱাৰ পিছত ১২ জন লোক আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে । আনহাতে, আজি ৰাজ্যখনৰ বিভিন্ন ক'ভিড কেয়াৰ কেন্দ্ৰৰ পৰা ১০৮ জন লোকে সুস্থ হৈ ঘৰলৈ উভতিছে ।

উল্লেখ্য যে, মিজোৰামত এতিয়ালৈকে ৫,৪৫৯ জন লোকে মহামাৰীৰে যুঁজি সুস্থ হৈ উঠিছে আৰু আৰোগ্যৰ হাৰ হৈছে ৭৬.৩৮ শতাংশ । যোৱা ৭ মে' পৰ্যন্ত মিজোৰামত ১৬৭১ জন সক্ৰিয় ৰোগী আছে ।

লগতে পঢ়ক: কৰ’ণাৰ ত্ৰাস: তামিলনাডুত ৰেচনকাৰ্ড থকা হিতাধিকাৰীয়ে পাব আৰ্থিক সাহাৰ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.