নেশ্যনেল ডেস্ক, ২ মে': মহাৰাষ্ট্ৰৰ থানেত ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণ ঘটে । ফলত উক্ত অঞ্চলটোত বিষাক্ত গেছ নিৰ্গত হয় । ঘটনা অনুসৰি, নিশা প্ৰায় ১০ বজাত থানেৰ ভিৱান্দি চহৰত ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণটো সংঘটিত হৈছিল । এই বিস্ফোৰণত কোনো লোক হতাহত হোৱাৰ খবৰ এই মূহূৰ্তলৈ লাভ কৰা নাই ।
ভিৱান্দিৰ খুনি গাঁৱৰ চিকনিপাডা অঞ্চলত ছালফাৰ ডাই অক্সাইড থকা ষোল্লটা চিলিণ্ডাৰ বিস্ফোৰণ ঘটে । তাৰ পাচতে সমগ্ৰ অঞ্চলটোত বিষাক্ত গেছ নিৰ্গত হয় বুলি থানে পৌৰ নিগমৰ আঞ্চলিক দুৰ্যোগ ব্যৱস্থাপনা কোষৰ মুৰব্বী সন্তোষ কদমে জানিবলৈ দিয়ে । ইফালে, ঘটনাৰ খবৰ লাভ কৰাৰ পাচতে স্থানীয় অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হয় । প্ৰায় দুই ঘণ্টাৰ অন্তত পৰিস্থিতি নিয়ন্ত্ৰ কৰিবলৈ সক্ষম হয় ।