ETV Bharat / bharat

LPG Cylinder New Price: বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ মৃল্য ৮৩.৫০ টকা হ্ৰাস - বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰ

বৰ্ধিত মুদ্ৰাস্ফীতিৰ মাজত সাধাৰণ ৰাইজৰ বাবে এক সকাহ । আজিৰে পৰা হ্ৰাস পাইছে বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য ৷ পেট্ৰ'লিয়াম আৰু তেল বিপণন কোম্পানীয়ে ৮৩.৫০ টকা হ্ৰাস কৰিছে বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য (Commercial LPG gas prices reduced) ।

LPG Cylinder New Price
হ্ৰাস পালে বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম
author img

By

Published : Jun 1, 2023, 9:51 AM IST

নিউজ ডেস্ক, ১ জুন: পহিলা জুনৰ পৰা পুনৰ হ্ৰাস পাইছে বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য (LPG cylinder new price in June 2023) ৷ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ৮৩.৫০ টকা হ্ৰাস কৰিছে গেছ কোম্পানীয়ে । ইয়াৰ পূৰ্বে মে' মাহত বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য ১৭২ টকা হ্ৰাস কৰা হৈছিল । অৱশ্যে, ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস হোৱা নাই ।

উল্লেখ্য যে, প্ৰতি মাহৰ পহিলা তাৰিখত ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য নিৰ্ধাৰণ কৰে গেছ কোম্পানীবোৰে । ভাৰতত পেট্ৰ'লিয়াম আৰু তেল বিপণন কোম্পানীয়ে বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰাৰ বাবে দিল্লী, মুম্বাই, কলকাতা আৰু চেন্নাইকে ধৰি দেশৰ বহু ঠাইত চিলিণ্ডাৰ সস্তা হ'ব । বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰ এতিয়া দিল্লীত ১৭৭৩ টকাত উপলব্ধ হ'ব (Commercial LPG gas prices reduced)।

বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ বিপৰীতে ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য হৈছে ১১০৩ টকা । কলকাতাত এটা ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১৮৭৫.৫০ টকা, মুম্বাইৰ এই চিলিণ্ডাৰৰ মূল্য ১৭২৫ টকা আৰু চেন্নাইত ইয়াৰ মূল্য এতিয়া ১৯৭৩ টকা হ'ব ।

একে সময়তে, পাটনাত ঘৰুৱা গেছৰ মূল্য ১২০১ টকা, কন্যাকুমাৰীত ১১৮৭ টকা, আন্দামানত ১১৭৯ টকা, ৰাঁচীত ১১৬০.৫০ টকা, ডেৰাডুনত ১১২২ টকা, চেন্নাইত ১১১৮.৫০ টকা, আগ্ৰাত ১১১৫.৫০ টকা, চণ্ডিগড়ত ১১১২.৫০ টকা, আহমেদাবাদত ১১১০ টকা, চিমলাত ১১৪৭.৫০ টকা আৰু লক্ষ্ণৌত ১১৪০.৫০ টকা ।

এই ৰাজ্যসমূহত ঘৰুৱা ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য

ৰাজ্য এলপিজি মূল্য (টকা)
দিল্লী ১৭৭৩ টকা
কলকাতা ১৮৭৫.৫০ টকা
মুম্বাই ১৭২৫ টকা
চেন্নাই১৯৭৩ টকা

উল্লেখ্য যে, এপ্ৰিলতো বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্যও হ্ৰাস কৰা হৈছিল । ১ এপ্ৰিলত বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য ৯২ টকা হ্ৰাস কৰা হৈছিল । বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য প্ৰতি মাহে সলনি হয় । এপ্ৰিলৰ পূৰ্বে, মাৰ্চত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৩৫০ টকা বৃদ্ধি কৰা হৈছিল । ইয়াৰ এবছৰ পূৰ্বে অৰ্থাৎ, ২০২২ চনৰ ১ মে’ত দিল্লীত বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য ২৩৫৫.৫০ টকা হৈছিল ৷ আজি ই ১৮৫৬.৫০ টকালৈ হ্ৰাস পাইছে। ইয়াৰ অৰ্থ হৈছে যে দিল্লীত বিগত এবছৰত ৪৯৯ টকা হ্ৰাস পাইছে বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য ।

লগতে পঢ়ক: Eye on 2024 polls: শীঘ্ৰেই সাল-সলনি ঘটিব পাৰে মোদী মন্ত্ৰীসভাত; নিৰ্বাচনমুখী ৰাজ্যৰ নেতাৰ কপাল ফুলাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.