ETV Bharat / bharat

35 দিনত 628 টা অনলাইন পাঠ্যক্ৰম সম্পূৰ্ণ কৰি বিশ্ব ৰেকৰ্ড যুৱতীৰ

দ্ৰুত গতিত সৰ্বাধিক অনলাইন পাঠ্যক্ৰম আয়ত্ব কৰি ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে কেৰালাৰ কাচৰগড়ৰ এগৰাকী স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰী ৷ মৰমবল্লী এমইএচ মহাবিদ্যালয়ৰ ফাথিমাথ সাম্না নামৰ এগৰাকী ছাত্ৰীয়ে 35 দিনৰ ভিতৰতে 628 টা পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে ৷

দ্ৰুত গতিত অনলাইন পাঠ্যক্ৰম সম্পূৰ্ণ কৰি যুৱতীৰ ৰেকৰ্ড

author img

By

Published : Nov 7, 2020, 12:53 PM IST

কাচৰগড় , 7 নৱেম্বৰ : মাত্ৰ 35 দিনতে সৰ্বমুঠ 628 টা পাঠ্যক্ৰম সম্পূৰ্ণ কৰি আমেৰিকান বুক অৱ ৰেকৰ্ড্চত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে কেৰালাৰ কাচৰগড়ৰ এগৰাকী শিক্ষাৰ্থীয়ে ৷ কেৰালাৰ কাচৰগড় জিলাৰ স্নাতকোত্তৰ পৰ্যায়ৰ ফাথিমাথ সাম্না নামৰ ছাত্ৰী গৰাকীয়ে খুউব কম সময়ৰ ভিতৰতে 628 পাঠ্যক্ৰম আয়ত্ব কৰি এই ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে ৷

মৰমবল্লী এমইএচ মহাবিদ্যালয়ত এমবিএ ত অধ্যয়নৰত ছাত্ৰী গৰাকীয়ে কম সময়ৰ ভিতৰত সৰ্বাধিক পাঠ্যক্ৰম আয়ত্ব কৰি এই ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে ৷ মুঠ 35 দিনৰ ভিতৰত সাম্নাই 628 টা অনলাইন ডিপ্লমা সম্পূৰ্ণ কৰিছে ৷ ইয়াৰ পূৰ্বেও এই ক্ষেত্ৰত 88 দিনৰ ভিতৰত 520 টা পাঠ্যক্ৰম সম্পূৰ্ণ কৰি কেৰালাৰ শিক্ষাৰ্থীয়েই ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিল ৷

ক'ভিড-19 ৰ পৰিপ্ৰেক্ষিতত দেশজুৰি ঘোষণা হোৱা লকডাউনৰ সময়তেই সাম্না অনলাইন পাঠ্যক্ৰমৰ সৈতে পৰিচিত হয় ৷ সাম্নাই কয় যে মনত দৃঢ়তা থাকিলে যিকোনো লোকেই যিকোনো পাঠ্যক্ৰম আয়ত্ব কৰিব পাৰে ৷ যদিওবা প্ৰথমে শিক্ষাৰ্থী গৰাকীয়ে নিজৰ এমবিএ পাঠ্যক্ৰমত সহায়ক হ'বৰ বাবে পাঠ্যক্ৰম সমূহ শিকিবলৈ আৰম্ভ কৰিছিল, পাছলৈ বিজ্ঞান, গণিত ইত্যাদি বিভিন্ন বিষয়সমূহ আয়ত্ব কৰা আৰম্ভ কৰে বুলি ছাত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: বিডেনে অসৎ উপায় অৱলম্বন কৰি হোৱাইট হাউছ দখলৰ চেষ্টা চলাইছেঃ ট্ৰাম্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.