ইন্টাৰনেচনেল ডেস্ক, ১আগষ্ট: আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন দ্বিতীয়বাৰ ক'ভিডত আক্ৰান্ত হৈছে(President Joe Biden COVID positive)। একেৰাহে দ্বিতীয় দিনাও আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী ক'ভিড-১৯ ৰ পৰীক্ষাত পজিটিভ বুলি নিশ্চিত হৈছে চিকিৎসকসকল । এণ্টি-ভাইৰেল ঔষধৰ দ্বাৰা চিকিৎসাৰ পিছত পুনৰ আক্ৰান্ত হোৱাটো এক বিৰল ঘটনা বুলি চিকিৎসকসকলে মন্তব্য় কৰিছে । হোৱাইট হাউছৰ চিকিৎসক ডাঃকেভিন অ'কনৰে দেওবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আক্ৰান্ত হোৱা সন্দৰ্ভত তথ্য় প্ৰকাশ কৰিছে(White House physician Dr Kevin O Connor)।
অৱশ্য়ে ৰাষ্ট্ৰপতিগৰাকীৰ শাৰীৰিক অৱস্থা ভাল বুলি উল্লেখ কৰিছে চিকিৎসক ডাঃ কেভিন অ'কনৰে । তেওঁ পুনৰ কয় যে যদিও ৰাষ্ট্ৰপতি বাইডেন ক'ভিডত আক্ৰান্ত হৈ পৃথকে আছে তথাপি কাৰ্যবাহী বাসভৱনৰ পৰা কাম-কাজ নিয়মীয়া ভাৱেই সম্পাদন কৰি থাকিব পাৰিব ।
উল্লেখ্য় যে ৰাষ্ট্ৰপতি বাইডেনৰ শনিবাৰে ক'ভিড-১৯ৰ পৰীক্ষা কৰাত পজিটিভ বুলি নিশ্চিত হয় চিকিৎসকসকল । সেইবাবে তেওঁ ভ্ৰমণ আৰু ব্যক্তিগত অনুষ্ঠান বাতিল কৰিব লগা হৈছে । কিয়নো তেওঁ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ নিৰ্দেশনা অনুসৰি কমেও পাঁচ দিনৰ বাবে পৃথক হৈ থাকিব লাগিব । ৰাষ্ট্ৰপতিগৰাকীৰ যোৱা ২১ জুলাইত পৰীক্ষা কৰাৰ পিছত পজিটিভ বুলি ধৰা পৰিছিল ।
৭৯ বছৰীয়া বাইডেনক এণ্টিভাইৰেল ঔষধ পেক্সলোভিডৰ দ্বাৰা চিকিৎসা কৰা হৈছিল । ইয়েল বিশ্ববিদ্যালয়ৰ জনস্বাস্থ্য বিদ্যালয়ৰ সংক্ৰামক ৰোগ বিশেষজ্ঞ ড০ এলবাৰ্ট হোৱে কয়, 'ৰাষ্ট্ৰপতিয়ে তেওঁৰ অসুস্থতা অনুভৱ নকৰা আৰু লক্ষণ নথকাটো এটা ভাল লক্ষণ । কিয়নো এনে হ'লে তেওঁ দীঘলীয়া সময়ৰ বাবে ক'ভিডত আক্ৰান্ত হৈ থকাৰ সম্ভাৱনা কম হয় ।'
লগতে পঢ়ক:Monkeypox patient dies in Brazil : ব্ৰাজিলত প্ৰথমটো মাঙ্কিপক্সত আক্ৰান্ত ৰোগীৰ মৃত্যু