নেশ্যনেল ডেস্ক, 4 অক্টোবৰ: জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান(কাৰাগাৰ) হেমন্ত লোহিয়াক তেখেতৰ বাসভৱনতে হত্যা কৰা হৈছে (Jammu and Kashmir DG Hemant Lohia dead) । ইফালে এইচ কে লোহিয়াৰ হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে সন্ত্ৰাসবাদী সংগঠন টি আৰ এফে । অৱশ্যে তেওঁৰ বাসভৱনত থকা ঘৰুৱা সহায়কজনক এই হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহ কৰা হৈছে । এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই প্ৰদান কৰিছে এই তথ্য ।
জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে ইয়াক অতি দুৰ্ভাগ্যজনক ঘটনা বুলি অভিহিত কৰিছে (Hemant lohia murder in jammu kashmir)। ইতিমধ্যে পলাতক অৱস্থাত থকা জছিৰ নামৰ ঘৰুৱা সহায়কজনক আটক কৰিবলৈ আৰক্ষীয়ে অভিযান আৰম্ভ কৰা বুলিও সঞ্চালক প্ৰধানগৰাকীয়ে জানিবলৈ দিয়ে ।
সিঙে জনোৱা অনুসৰি, ৫৭ বছৰীয়া লোহিয়াক হত্যাৰ পিছত মৃতদেহটো জ্বলাই দিবলৈ চেষ্টা কৰিছিল হত্যাকাৰীয়ে (JK DG Jail Hemant Lohia kill)। উল্লেখ্য যে, চলিত বৰ্ষৰ আগষ্টত লোহিয়াক পদোন্নতিৰ সৈতে কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ কাৰাগাৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছিল ।
জম্মু অঞ্চলৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সিঙে জনোৱা অনুসৰি, মহানগৰীৰ উপকণ্ঠ অঞ্চলৰ উদয়ৱালাস্থিত বাসগৃহত মৃত অৱস্থাত উদ্ধাৰ কৰা ১৯৯২ বেটচৰ আই পি এছ বিষয়া লোহিয়াৰ (৫২) ডিঙিত আঘাতৰ চিন পোৱাৰ লগতে তেখেতৰ শৰীৰতো জ্বলাৰ দাগ পোৱা গৈছে ।
অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জনোৱা মতে, ঘটনাস্থলীত হোৱা প্ৰাথমিক তদন্তত লোহিয়াৰ ভৰিৰ অংশত তেল লগোৱা যেন অনুমান কৰা হৈছে আৰু সেই অংশটো কিছু ফুলি থকা যেন দেখা গৈছে । তেওঁ লগতে কয় যে হত্যাকাৰীয়ে প্ৰথমে লোহিয়াক ডিঙি চেপি হত্যা কৰাৰ পিছত এটা ভঙা বটল ব্যৱহাৰ কৰি ডিঙিৰ অংশ কাটিবলৈ চেষ্টা কৰিছিল আৰু পৰৱৰ্তী সময়ত হয়তো মৃতদেহটো জ্বলাই দিবৰ বাবে চেষ্টা কৰিছিল ।
মৃত বিষয়াগৰাকীৰ বাসগৃহৰ বাহিৰত কৰ্তব্যৰত নিৰাপত্তাৰক্ষীয়ে লোহিয়াৰ বাসগৃহৰ কোঠাৰ ভিতৰত যেতিয়া জুই লগা প্ৰত্যক্ষ কৰে, তেতিয়াহে ভিতৰৰ পৰা বন্ধ হৈ থকা অৱস্থাত দুৱাৰখন ভাঙিব লগাত পৰে । অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জানিবলৈ দিয়া মতে, ঘটনাস্থলীত কৰা প্ৰাৰম্ভিক তদন্তই ইয়াক এক হত্যাকাণ্ড বুলিয়েই ধাৰণা কৰা হৈছে ।
ইফালে মৃত বিষয়াগৰাকীৰ বাসগৃহত থকা ঘৰুৱা সহায়কজন সম্প্ৰতি পলাতক হৈ আছে আৰু তাৰ সন্ধানত অভিযান আৰম্ভ কৰা হৈছে । ফৰেনছিক আৰু ক্ৰাইম ব্ৰাঞ্চৰ দল ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে । শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয় যে, জম্মু-কাশ্মীৰৰ আৰক্ষী পৰিয়ালে জ্যেষ্ঠ বিষয়াগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ।
লগতে পঢ়ক: মাজবাট সমষ্টিৰ প্ৰাক্তন বিধায়ক কৰেন্দ্ৰ বসুমতাৰীৰ দেহাৱসান