নেচনেল ডেস্ক, 8 এপ্ৰিল: বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ শ্বপিয়ান জিলাত সেনা উগ্ৰপন্থীৰ মাজত হোৱা এক সংঘৰ্ষত এজন নিৰাপত্তাৰক্ষী গুৰুতৰভাৱে আহত হয় ৷ জিলাখনৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জনোৱা অনুসৰি, নিৰাপত্তাৰক্ষীয়ে শ্বপিয়ান চহৰৰ বাবা মহল্লাত উগ্ৰপন্থীৰ উপস্থিতিৰ তথ্য লাভ কৰিছিল ৷
লগে লগে সেনাই সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি আৰম্ভ কৰে তালাচী অভিযান । অভিযান চলি থকা সময়তে উগ্ৰপন্থীৰ দলটোৱে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰিবলৈ আৰম্ভ কৰে ৷ লগে লগে সেনাৰ যোগ্য প্ৰতুত্তৰত এই তালাচী অভিযান ৰূপান্তৰিত হয় এনকাউণ্টাৰলৈ ৷ গুলীচালনাত এজন সেনা জোৱান গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : নিৰ্বাচন শেষ, কৰ'ণা আৰম্ভ..