ETV Bharat / bharat

IndiGo flight diverted to Jaipur: বদোদৰা অভিমুখী IndiGo বিমানৰ যান্ত্ৰিক বিজুতি

author img

By

Published : Jul 15, 2022, 1:19 PM IST

বদোদৰালৈ ৰাওনা হোৱা ইণ্ডিগ' বিমান হঠাৎ জয়পুৰত অৱতৰণ । ইঞ্জিনৰ সাধাৰণ অসুবিধাৰ বাবে বিমানখনৰ জৰুৰী অৱতৰণ (IndiGo flight diverted to Jaipur due to engine difficulties)। ইণ্ডিগ'ৰ বহু কৰ্মচাৰীয়ে দৰমহা বৃদ্ধিৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে । বহু কৰ্মচাৰীয়ে প্ৰতিবাদ স্বৰূপে অসুস্থতাৰ কাৰণ দেখুৱাই লৈছে ছুটী ।

IndiGo flight diverted to Jaipur
বদোদৰা অভিমুখী IndiGo বিমানৰ যান্ত্ৰিক বিজুতি

নেশ্যনেল ডেস্ক,১৫ জুলাই : দিল্লীৰ পৰা বদোদৰালৈ যোৱা এখন ইণ্ডিগ' বিমানত যান্ত্ৰিক বিজুতি (Mechanical malfunction of flight IndiGo bound for Vadodara)। বৃহস্পতিবাৰে নিশা বিমানখনৰ উৰণৰ সময়তে এই যান্ত্ৰিক বিজুতি । অৱশ্যে পাইলটে বিমানখন জয়পুৰত জৰুৰীকালীন অৱতৰণ কৰে ।

ইণ্ডিগ'ৰ মুখপাত্ৰই জনোৱা মতে 6E-859 নম্বৰৰ বিমানখনৰ ইণ্ডিনৰ কম্পনৰ সৃষ্টি হৈছিল (Vibrations in the engine of IndiGo flight)। তেওঁ উল্লেখ কৰা মতে যাত্ৰীসকলৰ পৰৱৰ্তী যাত্ৰাৰ বাবে এখন বিকল্প বিমানৰ ব্যৱস্থা কৰা হৈছিল । মুখপাত্ৰগৰাকীয়ে এই ক্ষেত্ৰত পাইলটগৰাকীক ধন্যবাদ জ্ঞাপন কৰে । কিয়নো বিজুতিৰ কথা গম পোৱাৰ লগে লগে সাৱধানপূৰ্বকভাৱে পাইলটে বিমানখন জয়পুৰলৈ লৈ গৈছিল । ইফালে অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিছে ।

উল্লেখ্য যে বিগত কেইবাদিনো ধৰি এয়াৰলাইনৰ কৰ্মচাৰীৰ প্ৰতিবাদ অব্যাহত আছে । প্ৰযুক্তিৰ দিশ নিৰীক্ষণ কৰা বহু কৰ্মচাৰীয়ে দৰমহা বৃদ্ধিৰ দাবীত বেমাৰৰ বাবে থকা বিশেষ ছুটী লৈ বহি আছে । ক'ভিড পৰিস্থিতিৰ মাজত হ্ৰাস কৰা দৰমহা পুনৰ বৃদ্ধিৰ দাবী জনাইছে কৰ্মচাৰীসকলে ।

বহু সংখ্যক কৰ্মচাৰীয়ে প্ৰতিবাদস্বৰূপে অসুস্থতাৰ বাবে ছুটী লোৱাৰ সময়তে ইণ্ডিগ'ই ঘোষণা কৰিছে যে কৰ্মচাৰীৰ পাৰিশ্ৰমিক সম্পৰ্কীয় সমস্যাবোৰ সমাধান কৰাৰ বাবে তেওঁলোকে পদক্ষেপ হাতত লৈছে । ইণ্ডিগ'ৰ বিবৃতিত উল্লেখ কৰা মতে উদ্যোগটোৱে যোৱা দুবছৰত কঠিন পৰ্যায়ৰ মাজেৰে পাৰ কৰিছে । ব্যৱসায় পুনৰ সুস্থিৰ হোৱাৰ লগে লগে কৰ্মচাৰীৰ পাৰিশ্ৰমিক সম্পৰ্কীয় সমস্যা সমাধান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়েও এই ক্ষেত্ৰত কোম্পানীটোক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছে । এনে এক পৰিস্থিতিৰ মাজতে ইণ্ডিগ'ৰ বিমানৰ যান্ত্ৰিক বিজুতিয়ে অধিক চিন্তিত কৰি তুলিছে যাত্ৰীসকলক ।

লগতে পঢ়ক :COVID Vaccination Amrit Mahotsava : অহা ৭৫ দিনলৈ দেশৰ প্ৰাপ্তবয়স্ক লোকৰ বাবে ক'ভিডৰ বিনামূলীয়া বুষ্টাৰ পালি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.