নিউজ ডেস্ক,26 জানুৱাৰী: মঙলবাৰে দেশজুৰি উদযাপন কৰা হৈছে 72 সংখ্যক গণৰাজ্য দিৱস ৷ গণৰাজ্য দিৱস উপলক্ষে চুবুৰীয়া ৰাষ্ট্ৰ কাঠমাণ্ডুস্থিত ভাৰতীয় দূতাবাসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ভাৰতৰ ৰাষ্ট্ৰদূত বিজয় মোহন কাৰ্টাই ৷ গণৰাজ্য দিৱসৰ ক্ষণতেই ৰাষ্ট্ৰদূত গৰাকীয়ে বীৰ নাৰী, যুদ্ধ বিধৱা আৰু যুদ্ধত নিহত সৈন্যসকলৰ পৰিয়ালৰ লোকৰ মাজত প্ৰায় 3.68 কোটি টকা বিতৰণ কৰে ৷
ইয়াৰ উপৰিও নেপালস্থিত ভাৰতৰ দূতাবাসৰ তৰফৰ পৰা নেপালৰ প্ৰায় 50 টা পুথিভঁড়াললৈ গ্ৰন্থ উপহাৰ প্ৰদান কৰা হয় ৷ ইয়াৰ পিছতেই ৰাষ্ট্ৰদূতগৰাকীয়ে ইণ্ডিয়া হাউচত এটি অনুষ্ঠান আয়োজিত কৰে ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নেপালৰ বৈদেশিক মন্ত্ৰী প্ৰদীপ কুমাৰ গ্যাৱালী ৷ আনহাতে, গণৰাজ্য দিৱসৰ দিনটোতে নেপালৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামবৰণ যাদৱে ভাৰত-নেপাল প্ৰাক্তন নেটৱৰ্ক ‘সম্পৰ্ক’ৰ উদ্বোধন কৰে ৷ ইয়াৰ লগতে www.samparkbharatnepal.com নামেৰে এটি ৱেবচাইটো মুকলি কৰে নেপালৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীয়ে ৷
লগতে পঢ়ক-দেশজুৰি পুনৰ ঘোষণা হ‘ব পাৰে লকডাউন !