নিউজ ডেস্ক, 31 ডিচেম্বৰ : চাৰিদিনীয়া ভ্ৰমণসূচী লৈ প্ৰথমবাৰৰ বাবে দক্ষিণ কোৰিয়াত উপস্থিত হোৱা দেশৰ প্ৰথমগৰাকী সেনা প্ৰধান, স্থলসেনা প্ৰধান জেন. মনোজ মুকুন্দ নাৰাৱানেক বৃহস্পতিবাৰে দক্ষিণ কোৰিয়াৰ স্থলসেনা মুখ্যালয়ত গাৰ্ড অৱ অনাৰ প্ৰদান কৰে কোৰিয়ান সেনাই ৷ ভাৰতীয় স্থলসেনাৰ জনসংযোগৰ অতিৰিক্ত মহানিৰ্দেশকে এই কথা টুইটাৰযোগে প্ৰকাশ কৰিছে ৷
স্থলসেনা প্ৰধান জেন. নাৰাৱানে দক্ষিণ কোৰিয়াৰ স্থলসেনা প্ৰধান জেন. নাম য়ং শ্বীন আৰু অন্যান্য বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় ৷ দুয়োখন দেশৰ মাজৰ সামৰিক সম্পৰ্ক উন্নত কৰিবলৈ দুয়োগৰাকী শীৰ্ষ সেনা বিষয়াই এইদৰে আলোচনাত অংশগ্ৰহণ কৰে ৷ স্থলসেনা প্ৰধান জেন. নাৰাৱানে দক্ষিণ কোৰিয়া সেনা মুখ্যালয়ৰ লগতে বিভিন্ন অঞ্চল আৰু চাউনীও পৰিদৰ্শন কৰে ৷ ইয়াৰ ভিতৰত ডায়েজিঅনস্থিত ডিফেন্স ডেভেলপমেন্ট এজেন্সি আৰু 30 আৰ্মাৰ ব্ৰীগেড, ৰাষ্ট্ৰীয় সমাধিস্থল অন্যতম আছিল ৷
লগতে পঢ়ক : চাৰিদিনীয়া ভ্ৰমণসূচীৰে দক্ষিণ কোৰিয়াত স্থলসেনা প্ৰধান