আগৰতলা, ২৮ অক্টোবৰ : ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰে (Former Tripura CM Manik Sarkar) মহিলাৰ বিৰুদ্ধে অপৰাধৰ বৰ্ধিত প্ৰৱণতা সন্দৰ্ভত ৰাজ্যখনৰ বিজেপি-আইপিএফটি চৰকাৰক সমালোচনা (Manik Sarkar slammed BJP IPFT government) কৰি দাবী কৰিছে যে মানুহে এই চৰকাৰৰ পৰা মুক্তি বিচাৰে ।
সাংবাদিকৰ সৈতে বাৰ্তালাপত বিৰোধী চিপিআইএমৰ (CPIM leader Manik Sarkar) নেতা সৰকাৰে কয় যে ধৰ্ষণ আৰু দলবদ্ধ ধৰ্ষণ সম্পৰ্কীয় এই শেহতীয়া ঘটনাবোৰ লজ্জাজনক ঘটনা । চৰকাৰ আৰু আৰক্ষীয়ে অপৰাধীসকলক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰা উচিত আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লোৱা উচিত ।
"ইয়াৰ বাবে মই সকলো আৰক্ষীকে দোষ নিদিওঁ । যেতিয়া কোনো ধৰ্ষণৰ ভুক্তভোগীয়ে তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ সৈতে আৰক্ষীচকীলৈ যায়, কিছুমান আৰক্ষী থানাত তেওঁলোকে ভুক্তভোগীসকলক মীমাংসা কৰিবলৈ আৰু বিষয়টো নিষ্পত্তি কৰিবলৈ কৈ এজাহাৰ (FIR) দাখিল কৰিব নিবিচাৰে । ভুক্তভোগীসকলে দাবী কৰিছে যে কোনে অপৰাধ সংঘটিত কৰিছে সেই বিষয়ে আৰক্ষী ভালদৰে অৱগত । প্ৰকৃততে আৰক্ষীয়ে অপৰাধীসকলক সুৰক্ষা দিবলৈ এই স্থিতি গ্ৰহণ কৰিছে । যদি এইটো আৰক্ষীৰ ভূমিকা হয় তেন্তে সুৰক্ষাৰ দায়িত্ব কোনে ল'ব ? আৰক্ষীয়ে নেতিবাচক ভূমিকা গ্ৰহণ কৰিছে ।" সৰকাৰে কয় ।
আনহাতে, মহিলা আয়োগৰ (Tripura Women Commission) ভূমিকাক লৈও অসন্তুষ্টি প্ৰকাশ কৰি সৰকাৰে কয়, "নতুন চৰকাৰ গঠন হোৱাৰ পিছত ৰাজ্যখনৰ নতুন মহিলা আয়োগ গঠন কৰা হৈছিল আৰু দেখা গৈছিল যে তেওঁলোকে এনে ধৰণৰ অপৰাধ সংঘটিত হোৱা কিছুমান ঠাই ভ্ৰমণ কৰিছিল । কিন্তু এতিয়া আমি দেখিছোঁ যে আয়োগ নিষ্ক্ৰিয় হৈ পৰিছে । তেওঁলোকে তেওঁলোকৰ দায়িত্ব পালনত কোনো কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰা নাই ।"
তেওঁ দাবী কৰে যে তদানীন্তন বাঁওমৰ্চা চৰকাৰৰ সময়ত তেওঁলোকে আৰক্ষীক কোনো প্ৰশ্ন নোসোধাকৈ কোনো ভুক্তভোগী বিশেষকৈ মহিলাৰ বিবৃতি লিপিবদ্ধ কৰিবলৈ বা অভিযোগ দাখিল কৰিবলৈ স্পষ্টভাৱে নিৰ্দেশ দিছিল ।
"প্ৰতিমাহে বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে এখন সমিতিৰ বৈঠক অনুষ্ঠিত হৈছিল । আৰক্ষী বিষয়াসকলে উক্ত সভাত উপস্থিত আছিল য'ত স্থানীয় লোকসকলে অঞ্চলটোৰ আইন-শৃংখলা পৰিস্থিতি, অপৰাধ, আৰক্ষীৰ দুৰ্বলতাবোৰৰ বিষয়ে অৱগত কৰিছিল । উক্ত বৈঠকত আমি মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ বিষয়ে অতি গুৰুত্বসহকাৰে আলোচনা কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিলোঁ ।" তেওঁ কয় ।
মহিলাৰ বিৰুদ্ধে অপৰাধ বৃদ্ধিক লৈ বিজেপিক সমালোচনা কৰি সৰকাৰে (Manik Sarkar Slamming BJP over crime against women) কয়, "এই চৰকাৰ অহাৰ পিছত প্ৰথম শ্লোগান আছিল ড্ৰাগছমুক্ত ত্ৰিপুৰা । মহিলাৰ বিৰুদ্ধে কোনে অপৰাধ কৰিছে ? ইয়াত জড়িত লোকসকলৰ এটা ডাঙৰ অংশ হৈছে যুৱক । ড্ৰাগছমুক্ত ত্ৰিপুৰা ক'ত আছে ? তেওঁলোকে (বিজেপি) শাসনলৈ অহাৰ প্ৰলোভনেৰে দেখুওৱা প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰিবলৈ একো কৰা নাই । অপৰাধীসকল মন্ত্ৰীৰ পুত্ৰ, শাসকীয় দলৰ সদস্য নে বিৰোধী দলৰ সদস্য সেয়া প্ৰশ্ন নহয় । আমি আমাৰ যুৱপ্ৰজন্মক সুৰক্ষা দিব লাগিব । ফেচিষ্টসদৃশ আক্ৰমণে তেওঁলোকৰ অপকৰ্ম আৰু বিফলতা ঢাকিবলৈ গৈ আছে । তেওঁলোকৰ একমাত্ৰ উদ্দেশ্য হ'ল বিৰোধীৰ কণ্ঠ ৰোধ কৰা । এই চৰকাৰে সকলো ধ্বংস কৰি আছে । মানুহে এই চৰকাৰৰ পৰা মুক্তি বিচাৰিছে । মানুহে তেওঁলোকক ক্ষমা নকৰিব । মাতৃ আৰু ভগ্নীসকলে তেওঁলোকক ক্ষমা নকৰিব ।"
লগতে পঢ়ক :Minor gang raped in Tripura: ত্ৰিপুৰাত একেদিনাই সংঘটিত হৈছে দুটাকৈ ধৰ্ষণৰৰ্ষ ঘটন