ETV Bharat / bharat

যাত্ৰা: ছাগলী চৰোৱা লোকৰ পৰা আইএএছ বিষয়া হোৱালৈ

যিকোনো ব্যক্তিৰ কঠোৰ পৰিশ্ৰম, সাধনাই তেওঁক তেওঁৰ গন্তব্যস্থানলৈ লৈ যায় । আজি, আমি এনে এজন আইএএছ বিষয়াৰ বিষয়ে কথা আপোনাক জনাম যাৰ সুদীৰ্ঘ পৰিক্ৰমাৰ কথা জানিলে আৱেগিক হৈ পৰিব আপুনিও (Emotional story of an IAS) ৷

emotional-story-of-ram-prakash-of-mirzapur-who-became-an-ias-by-grazing-goats
যাত্ৰা: ছাগলী চৰোৱা লোকৰ পৰা আইএএছ বিষয়া হোৱালৈ
author img

By

Published : Apr 8, 2022, 5:20 PM IST

নেচনেল ডেস্ক, 8 এপ্ৰিল : প্ৰতিজন সফল ব্যক্তিৰ আঁৰত তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু এটা সুদীৰ্ঘ পৰিক্ৰমা জড়িত হৈ থাকে৷ আজি আমি এনে এজন ব্যক্তিৰ বিষয়ে কথা পাতিম যাৰ অসাধাৰণ যাত্ৰাই অনুপ্ৰাণিত কৰিব আপোনাকো ৷ এসময়ত গাঁৱত ছাগলী চৰোৱা কাৰ্যত জড়িত লৈ থকা লোকজন বৰ্তমান এগৰাকী দক্ষ আইএএছ বিষয়া (Man became an IAS by grazing goats) । এই আইএএছ বিষয়াগৰাকীয়ে সামাজিক মাধ্যমত কৰা এটা আৱেগিক পোষ্টৰ বাবে এতিয়া বাতৰিৰ শিৰোনামা দখল কৰিছে ।

বিষয়াগৰাকীয়ে তেওঁৰ শৈশৱৰ এটা কাহিনী সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল ৷ তেওঁৰ এই বিশেষ পোষ্টতো পঢ়াৰ পিছত প্ৰতিজন পঢ়ুৱৈ আৱেগিক হৈ পৰিছিল । তেওঁৰ টুইটৰ পিছত, বহুতো ব্যৱহাৰকাৰীয়ে তেওঁক প্ৰশংসাও কৰা দেখা গৈছে ৷ আইএএছ বিষয়া ৰাম প্ৰকাশে কয় যে, ২০১৮ চনৰ ষষ্ঠ প্ৰচেষ্টাত তেওঁ আইএএছ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল৷ বাৰাণসীৰ পৰা তেওঁ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল ।

তেওঁ তেওঁৰ শৈশৱৰ স্মৃতি প্ৰকাশ কৰি (Emotional story of Ram Prakash ) লিখিছে '' ২০০৩ চনৰ জুন মাহত আমি ৫-৬ জন লোক ছাগলী চৰাবলৈ গৈছিলো । তাতে আম গছৰ ডালত ওলমি আমি খেলা-ধুলা কৰিছিলো । হঠাতে এদিন গছৰ ডাল এটা ভাঙি গ'ল । আমাৰ কাৰো একো আঘাত হোৱা নাছিল যদিও মাৰ খোৱাৰ পৰা বাচিবলৈ, আমি একেলগে গছৰ ডালটোৱে উঠাই আনিছিলো, যাতে কোনেও নাজানে যে গছৰ ডালটো ভাঙিছে নে নাই । ''

মূলতঃ মিৰ্জাপুৰৰ জামুয়া বজাৰৰ বাসিন্দা আইএএছ ৰাম প্ৰকাশে তেওঁৰ টুইটত আৰু লিখিছে যে, স্কুলৰ পিছত প্ৰায়ে ছাগলী চৰাবলৈ যোৱাটোও তেওঁৰ ৰুটিনত পৰিণত হৈছিল। গাঁৱত প্ৰতিদিনে, স্কুল ছুটীৰ পিছত তেওঁ ছাগলী চৰাবলৈ গৈছিল, পঢ়া শুনা আৰু ছাগলী চৰোৱা দুয়োটা একেলগেই চলি আছিল । মন কৰিব লগীয়া যে, বৰ্তমান ৰাম প্ৰকাশ ২০১৮ৰ বেটচ্​ৰ ৰাজস্থান কেডাৰৰ এজন আইএএছ বিষয়া ।

তেওঁৰ প্ৰাৰম্ভিক শিক্ষা আছিল বাৰাণসীৰ ৰোহানিয়াৰ শ্ৰদ্ধানন্দ সৰস্বতী ইণ্টাৰমিডিয়েট কলেজৰ পৰা । 2007 চনত, তেওঁ দ্বাদশত উত্তীৰ্ণ হয়। বৰ্তমান, তেওঁ ৰাজস্থানৰ পালি জিলাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি লাভ কৰিছে । নিজৰ ষষ্ঠতম প্ৰচেষ্টাত, তেওঁ আইএএছ পৰীক্ষাত উত্তীৰ্ণ হৈছিল ।উত্তৰ প্ৰদেশৰ এই আইএএছ বিষয়াজনৰ বৰ্তমান টুইটাৰত ৬৫,০০০ তকৈও অধিক ফলৱাৰ্ছ আছে ।

লগতে পঢ়ক : ত্ৰিপুৰাত নিচা মুক্তি কেন্দ্ৰ স্থাপনৰ বাবে ২০ কোটি টকা মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.