ETV Bharat / bharat

G 20 Sherpa Meeting: ৰাজস্থানী ৰঙত মতলীয়া দেশী বিদেশী শ্বেৰ্পা

হ্ৰদ চহৰ উদয়পুৰত অনুষ্ঠিত হৈ আছে জি ২০ শ্বেৰ্পা বৈঠক ৷ ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে এই জি-২০ শ্বেৰ্পা বৈঠক ৷

G 20 Sherpa Meeting
ৰাজস্থানী ৰঙত মতলীয়া দেশী বিদেশী শ্বেৰ্পা
author img

By

Published : Dec 5, 2022, 10:23 PM IST

Updated : Dec 5, 2022, 10:43 PM IST

নেশ্যনেল ডেস্ক, ৫ ডিচেম্বৰ: হ্ৰদ চহৰ উদয়পুৰত ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত জি ২০ শ্বেৰ্পা বৈঠকৰ প্ৰথম দিনাই বহু গম্ভীৰ বিষয়ৰ ওপৰত আলোচনা অনুষ্ঠিত হয় (G 20 Sherpa Meeting)। আজি পুৱাৰে পৰা সন্ধিয়া পৰ্যন্ত তাজ ফাতেহ প্ৰকাশ পেলেচৰ দৰবাৰ হ’লত ​​চলে জি-২০ শ্বেৰ্পাৰ বৈঠক । পুৱা ৮.৩০ বজাত বৈঠক উদ্বোধন কৰি ভাৰতৰ শ্বেৰ্পা অমিতাভ কান্তে ভাৰতৰ জি-২০ অধ্যক্ষতা সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰে(Amitabh kant in G 20 Sherpa Meeting) ।

ইয়াৰ পাছতেই বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক বিভাগৰ সচিব অজয় ​​চেথে বিত্ত সম্পৰ্কীয় এক আভাস দাঙি ধৰে । পুৱা ৯ বজাৰ পৰা কাৰিকৰী পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰা হয় য’ত ডিজিটেল অৰ্থনীতি, স্বাস্থ্য আৰু শিক্ষাৰ বিষয়ে আলোচনা কৰা হয় । ইয়াৰ পিছতে পৰিৱেশৰ বাবে সেউজ উন্নয়ন আৰু জীৱনশৈলী বিষয়ক অধিৱেশন অনুষ্ঠিত হয় য’ত বিভিন্ন দেশৰ শ্বেৰ্পাসকলে নিজৰ মতামত দাঙি ধৰে । দুপৰীয়া ‘গ্ল’বেল এণ্ড ৰিজিঅ’নেল ইকনমিক প্ৰস্পেক্টছ এণ্ড চেলেঞ্জছ’ বিষয়টো সন্দৰ্ভত হোৱা আলোচনাত বিষয়টো সন্দৰ্ভত আলোকপাত কৰে আই এম এফৰ লুইছ ব্ৰুয়াৰ আৰু ক্ৰীষ্টিন কষ্টেলে উপস্থাপন কৰে(Indian monetary fund representive in G 20) ৷

dicussion-on-global-issues-in-g-20-sherpa-meeting-in-udaipur-sherpa-wore-rajasthani-safa
G 20 Sherpa Meeting: ৰাজস্থানী ৰঙত মতলীয়া দেশী বিদেশী শ্বেৰ্পা

আলোচনাৰ অন্তত মানক চ’কত সকলো বিদেশী অতিথিক ৰাজস্থানী কলা-সংস্কৃতিৰ সৈতে পৰিচয় কৰোৱাৰ উদ্দেশ্যৰে অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ পবন ব্যাস নামৰ এজন পাগুৰী শিল্পীয়ে বিদেশী অতিথিৰ সন্মুখত ৪৭৮.৫ মিটাৰ আৰু ২০ কেজি ওজনৰ পাগুৰি বান্ধি নিজৰ কলা প্ৰদৰ্শন কৰে, সেই দৃশ্য দেখি আপ্লুত হৈ পৰা পৰিলক্ষিত হৈছিল বিদেশী অতিথিসকল (Sherpa wore Rajasthani Safa) । বহু বিদেশী অতিথিয়েও পাগুৰি আৰু শিল্পীগৰাকীৰ সৈতে ফটো তুলা পৰিলক্ষিত হয় ।

ভাৰতৰ জি-২০ অধ্যক্ষতাৰ পাঁচটা মূল কেন্দ্ৰবিন্দু ক্ষেত্ৰৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় । ‘প্ৰযুক্তিগত পৰিৱৰ্তন’ আৰু ‘পৰিৱেশৰ বাবে সেউজ বৃদ্ধি আৰু জীৱনশৈলী’ ‘গোলকীয় আৰু আঞ্চলিক অৰ্থনীতি: সম্ভাৱনা আৰু প্ৰত্যাহ্বান’ বিষয়ক আলোচনাৰ লগতে জি-২০ৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত অনানুষ্ঠানিক ‘চাহ আলোচনা’ৰো আয়োজন কৰা হয় ।

প্ৰথমখন শ্বেৰ্পা বৈঠকৰ আলোচনাৰ আৰম্ভণিতে ভাৰতৰ জি-২০ শ্বেৰ্পা অমিতাভ কান্তে ১৩টা কৰ্মগোটৰ সন্মুখত ভাৰতৰ জি-২০ৰ অগ্ৰাধিকাৰ দাঙি ধৰে । লগতে কান্তে কয় যে জি-২০ শ্বেৰ্পা বৈঠকৰ সময়ত হোৱা আলোচনাত অনানুষ্ঠানিক পৰিৱেশৰ সৈতে সমন্বয় দেখিবলৈ পোৱা গৈছে আৰু এই আলোচনাৰ জৰিয়তে বিশ্বৰ সকলো সমস্যাৰ সমাধান হ’ব বুলি আশা ব্যক্ত কৰে ।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত অমিতাভ কান্তে মুখ্যমন্ত্ৰী অশোক গেহলটক(CM Ashok Gehlot) ধন্যবাদ জ্ঞাপন কৰাৰ লগতে G 20 ৰ সময়চোৱাত সকলোকে ৰাজস্থানী ৰঙেৰে উজ্জ্বল হৈ পৰা দেখা গৈছে বুলি উল্লেখ কৰে । কান্তে এই অনুষ্ঠানটোৰ বাবে মুখ্যমন্ত্ৰীৰ লগতে মুখ্য সচিব উষা শৰ্মা, সংমণ্ডল আয়ুক্ত ৰাজেন্দ্ৰ ভট্ট আৰু কালেক্টৰ তাৰা চান্দ মীনাক ধন্যবাদ জ্ঞাপন কৰে ।

কান্তে কয় যে উদয়পুৰত এই সন্মিলনৰ দ্বাৰা এক নতুন পৰিৱেশৰ সৃষ্টি হৈছে আৰু ভৱিষ্যতে জি-২০ ৰ সুফল সকলোৱে লাভ কৰিব ।

লগতে পঢ়ক: CM reactions on Badaruddin comment : আজমলক আঁঠুৱাৰ তলৰ মহ আখ্যা মুখ্যমন্ত্ৰীৰ

Last Updated : Dec 5, 2022, 10:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.