নিউজ ডেস্ক, ৪ জানুৱাৰী: ২০২০ বৰ্ষত প্ৰচাৰ ভাৰতীৰ দূৰদৰ্শন চমুকৈ DD আৰু অল ইণ্ডিয়া ৰেডিঅ' চমুকৈ AIRৰ ডিজিটেল গ্ৰথ ১০০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে । বছৰটোত এক বিলিয়নতকৈও অধিক দৰ্শকে উপভোগ কৰাৰ লগতে ছয় বিলিয়নতকৈও অধিক সময় সমগ্ৰ বছৰটোতে উপভোগ কৰিছে দৰ্শকে । লক্ষ্যণীয় যে, ভাৰতৰ পাচতে পাকিস্তানত সকলোতকৈ বেছি দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ'ৰ অনুষ্ঠান উপভোগ কৰিছে । তৃতীয় স্থানত আছে আমেৰিকা । দেওবাৰে এই কথা সদৰী কৰে তথ্য় আৰু সম্প্ৰচাৰ মন্ত্ৰাণালয়ে ।
তথ্য় আৰু সম্প্ৰচাৰ মন্ত্ৰাণালয়ৰ তৰফৰ পৰা জনোৱা অনুসৰি, ২০২০ বৰ্ষত প্ৰচাৰ ভাৰতীৰ মোবাইল এপ নিউজ অন এয়াৰ (NewsOnAir)ব্যৱহাৰকাৰীৰ ২৫ লাখতকৈও অধিক দৰ্শক বৃদ্ধি পায় । এই মোবাইল এপ নিউজ অন এয়াৰ ৩০ কোটি বাৰলৈ দৰ্শকে উপভোগ কৰিছে ।
উল্লেখ্য যে, ২০২০ বৰ্ষত প্ৰচাৰ ভাৰতীৰ সকলোতকৈ জনপ্ৰিয় ডিজিটেল অনুষ্ঠান আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰে কৰা এক বাৰ্তালাপ অনুষ্ঠান । ইয়াৰোপৰি গণতন্ত্ৰ দিৱসৰ পেৰেড অনুষ্ঠান, শকুন্তলা দেৱীৰ এক দুৰ্লভ ভিডি'অ DD নেশ্যনেলযোগে সম্প্ৰচাৰিত হৈছিল । এনেধৰণৰ জনপ্ৰিয় অনুষ্ঠানসমূহৰ বাবে প্ৰচাৰ ভাৰতীৰ ডিজিটেল গ্ৰথ বৃদ্ধি পাইছে ।
সমান্তৰালকৈ মোডীৰ 'মন কী বাত' অনুষ্ঠানে ইউটিউব আৰু টুইটাৰতো যথেষ্ঠ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে । 'মন কী বাত' ৰ শেহতীয়া খবৰৰ বাবে টুইটাৰত ৬৭,০০০ তকৈও অধিক ফলৱাৰ্ছ বৃদ্ধি পায় ।
প্ৰচাৰ ভাৰতীৰ ১০ টা ডিজিটেল চেনেলৰ ভিতৰত DD নিউজৰ উপৰিও আছে মাৰাঠী নিউজ DD সাহিয়াদ্ৰী, কানাড়াৰ DD চন্দনা, বঙালী নিউজ DD বাংলা, তেলেগু DD সপ্তাগিৰী ।
ভাৰতৰ বিভিন্ন ভাষাত উপলব্ধ প্ৰচাৰ ভাৰতীৰ ১,৫০০০ ৰেডি'অ নাটক DD আৰু AIRত উপলব্ধ । সম্প্ৰতি ইউটিউবতো ইয়াক উপলব্ধ কৰা হৈছে ।
লগতে পঢ়ক: ক'ভিড প্ৰতিষেধকৰ তৃতীয় ক্লিনিকেল ট্ৰায়েলৰ বাবে ডিছিজিআইৰ সন্মতি লাভ জাইদাছ কেছিলাৰ