ETV Bharat / bharat

ত্ৰিপুৰাত ভয়াৱহ হাৰত ক'ভিডৰ সংক্ৰমণ বৃদ্ধি - ত্ৰিপুৰাত ক'ভিডৰ সংক্ৰমণ

ত্ৰিপুৰাত দ্ৰুত গতিত বাঢ়িছে ক'ভিড-19 ৰ ভয়াৱহ সংক্ৰমণ ৷ বয়স্ক সকলৰ লগতে শিশু সকলো ক'ভিডত আক্ৰান্ত হোৱাক লৈ চিন্তিত চিকিৎসা বিভাগ ৷ একে হাৰত সংক্ৰমণ বাঢ়ি গৈ থাকিলে আগন্তুক এক ডেৰ মাহত পৰিস্থিতি অধিক ভয়াবহ হৈ পৰাৰ আশংকা ৷

covid scare rages in tripura
ত্ৰিপুৰাত ভয়াবহ হাৰত ক'ভিডৰ সংক্ৰমণ বৃদ্ধি
author img

By

Published : May 6, 2021, 7:54 AM IST

আগৰতলা, 6 মে': অতি দ্ৰুত গতিত ক'ভিড-19 ৰ ভয়াবহ সংক্ৰমণৰ ফালে আগবাঢ়িছে ত্ৰিপুৰা ৷ চিকিৎসা বিভাগৰ সৈতে জড়িত বিশেষজ্ঞ সকলে আগবঢ়োৱা মন্তব্য অনুসৰি, আগন্তুক এক ডেৰ মাহৰ ভিতৰত এই পৰিস্থিতি অধিক ভয়াৱহ দিশলৈ গতি কৰিব পাৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰৰ দিনটোত ৰাজ্যখনত তিনি গৰাকী ক'ভিডত আক্ৰান্ত ৰোগীৰ মৃত্যু হোৱাৰ লগতে লগতে নতুনকৈ 240 গৰাকীৰ শৰীৰত উক্ত ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ কিন্তু, ইয়াৰ মাজতে আটাইতকৈ উদ্বেগজনক কথাটো হ'ল এইয়ে যে, বয়স্ক সকলৰ লগতে এইবাৰ ৰাজ্যখনত শিশু সকলো ক'ভিডত আক্ৰান্ত হৈছে ৷

একেই হাৰত ক'ভিডৰ সংক্ৰমণ বাঢ়ি গৈ থাকিলে পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰিব বুলি জানিবলৈ দি ক'ভিড -19 নিৰীক্ষণ বিষয়া দীপ কুমাৰ দেৱবৰ্মাই কয় যে, "ত্ৰিপুৰাত ক'ভিডৰ পজিটিভিটি ৰেটে ইতিমধ্যে গুৰুত্বপূৰ্ণ পাঁচ শতাংশৰ সীমা অতিক্ৰম কৰিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত ক'ভিড -19 ব্যৱস্থাপনাৰ দায়িত্বত থকা লোক সকল অধিক চিন্তিত হৈ পৰিছে ৷ যদিহে একেই ধাৰা অব্যাহত থাকে আৰু সংক্ৰমণৰ প্ৰকৃত শৃংখলা পৰীক্ষা কৰা নহয় , তেন্তে অতি সোনকালে পৰিস্থিতি ভয়াবহ হৈ পৰিব ৷"

covid scare rages in tripura
ত্ৰিপুৰাত ভয়াবহ হাৰত ক'ভিডৰ সংক্ৰমণ বৃদ্ধি

এখন যুটীয়া সংবাদমেল সম্বোধন কৰি দেৱবৰ্মাই কয় যে, অনাগত এক ডেৰমাহ সময় ৰাজ্যখনৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব, যিহেতু পজিটিভিটি ৰেটে ইতিমধ্যে অতি গুৰুত্বপূৰ্ণ পাঁচ শতাংশৰ সীমা অতিক্ৰম কৰিছে ৷ বিগত কিছুদিনৰ পৰা জি বি পি চিকিৎসালয়ত গুৰুতৰ অৱস্থাত ভৰ্তি হোৱা ক'ভিড ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে বুলি তেওঁ জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, ক'ভিড-19 আটাইতকৈ বেছি সুবিধা থকা ৰাজ্যখনৰ আটাইতকৈ বৃহৎ চিকিৎসালয় জিবিপি হাস্পতালত বৰ্তমান 93 গৰাকী ৰোগী ভৰ্তি হৈ আছে ৷ ইয়াৰ ভিতৰত 50 শতাংশ ৰোগীৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক ৷ দেৱবৰ্মাই কয় যে, ৰোগী সকলৰ মাজত এতিয়া এনে পৰ্যায়ৰ সৃষ্টি হৈছে যে, কোনো লোকে শৰীৰত সৰু-সুৰা লক্ষণে দেখা দিলেও ভয় খাই জিবিপি হাস্পতাললৈ ধাপলি মেলে ৷

তেওঁ কয় যে, পৰাপক্ষত এনে কৰাটো উচিত নহয় ৷ কিয়নো ইয়াৰ ফলত গুৰুতৰ অৱস্থাত থকা ৰোগী সকল পাব লগীয়া চিকিৎসাৰ পৰা বঞ্চিত হোৱাৰ আশংকা থাকে ৷ দেৱবৰ্মাই জানিবলৈ দিয়া মতে, 2021 চনত ৰাজ্যখনত বৰ্তমানলৈকে 21 গৰাকী চিকিৎসাকৰ্মী ক'ভিডত আক্ৰান্ত হৈছে ৷

লগতে পঢ়ক: ত্ৰিপুৰাত ক'ভিড ৰোগীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.