ETV Bharat / bharat

কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচনৰ দিন ঘোষণা

author img

By

Published : Aug 28, 2022, 7:19 PM IST

কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচনৰ সংশোধিত সময়সূচী ঘোষণা কৰা হৈছে (Election of congress president) । ১৭ অক্টোবৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ আৰু ১৯ অক্টোবৰত ঘোষণা কৰা হ'ব ফলাফল । ২২ ছেপ্টেম্বৰত জাৰি কৰা হ'ব নিৰ্বাচন অধিসূচনা ।

AICC Presidential election
কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচনৰ দিন ঘোষণা

নিউজ ডেস্ক, ২৮ আগষ্ট: কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে(Congress Working Committee) দেওবাৰে দলৰ সভাপতিৰ বাবে দীৰ্ঘদিন প্ৰতীক্ষিত নিৰ্বাচনৰ এক সংশোধিত সময়সূচী ঘোষণা কৰে(Election of congress president) । এই সংশোধিত সময়সূচী অনুসৰি ১৭ অক্টোবৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ(Congress president election on Oct 17) আৰু ১৯ অক্টোবৰত ঘোষণা কৰা হ'ব ফলাফল । কংগ্ৰেছ সভাপতিৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হ'ব ২২ ছেপ্টেম্বৰত ।

নিৰ্বাচনৰ বাবে মনোনয়ন প্ৰক্ৰিয়া ২৪ ছেপ্টেম্বৰত আৰম্ভ হ'ব আৰু অন্তিম তাৰিখ হ'ব ৩০ ছেপ্টেম্বৰ ৷ ১ অক্টোবৰত কৰা হ’ব পুনৰীক্ষণ আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ৮ অক্টোবৰ । কংগ্ৰেছ ৱৰ্কিং কমিটিৰ এখন বৈঠকত আজি এই সিদ্ধান্ত লোৱা হয় । কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধী বৰ্তমান চিকিৎসাৰ বাবে বিদেশত থকাত তেওঁ আৰু কংগ্ৰেছ নেত্ৰী তথা কন্যা প্ৰিয়ংকা গান্ধীয়ে ভাৰ্চুৱেলী বৈঠকত অংশগ্ৰহণ কৰে(AICC Presidential election) ৷

চিডব্লিউচিয়ে অনুমোদন জনোৱা অনুসূচী অনুসৰি, কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত কৰাৰ প্ৰক্ৰিয়া ২১ আগষ্টৰ পৰা ২০ ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব লাগিছিল । কিন্তু হিন্দু কেলেণ্ডাৰ অনুসৰি সেই সময়ছোৱা অশুভ সময় হোৱাৰ বাবে পিছুৱাব লগা হৈছিল নিৰ্বাচনৰ দিন । কংগ্ৰেছ নিৰ্বাচন কমিটিৰ প্ৰধান মধুসূদন মিস্ত্ৰীয়ে((Madhusudan Mistry, head of the Congress Election Authority) সদৰী কৰা অনুসৰি, কংগ্ৰেছ সভাপতিৰ নিৰ্বাচনত প্ৰায় ৯,০০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব । তেওঁলোকে ৰাজ্যিক গোটৰ মুখ্য কাৰ্যালয়ত ভোট দিব ৷

লগতে পঢ়ক : দুদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰাত উপস্থিত জেপি নাড্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.